- পুনৰ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যত বিতৰ্ক।
- নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তোলা ভিক্টৰ দাসক মাৰাথন জেৰা।
- শুকুৰবাৰে আগবেলা পাণবজাৰ থানালৈ তলব কৰিছিল ভিক্টৰক।
- পাণবজাৰ থানাত এই সংক্ৰান্তত সোধ পোছ কৰাৰ সলনি গোপন স্থানলৈ লৈ যোৱা হৈছে ভিক্টৰ দাসক।
- গোপন স্থানত ভিক্টৰ দাসক আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই চলাব জেৰা।
- তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল ভিক্টৰে।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক উদ্দেশ্যি টুইটাৰত কৰিছিল টুইট।
- ৩ ৰ পৰা ৮ লাখ টকা চাকৰিৰ নামত সংগ্ৰহ কৰাৰ কথাও তেওঁ টুইটত উল্লেখ কৰিছিল।
- কেইবাজনো প্ৰাক্তন বিধায়ক এই কেলংকাৰীত জড়িত থকাৰ গুৰুতৰ অভিযোগ কৰিছিল তেওঁ।