অচিৰেই আৰু ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন মুকলি হ’ব বুলি আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। খানাপাৰাত ১১ হাজাৰ ২৩৬গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ২ লাখ যুৱক–যুৱতীক আত্মনিৰ্ভশীল কৰাৰ লক্ষ্য চৰকাৰৰ। অক্টোবৰৰ ৮ তাৰিখে এই বিষয়ত আলোচনা হ’ব। তেওঁ কয়, ফৰেষ্ট বেটেলিয়নৰ বাবে এটা বেটেলিয়ন গঠন হ’ব। যিসকলে আৰক্ষীত নিয়োগ লাভ কৰা নাই তেওঁলোকে তাতে নিয়োগৰ চেষ্টা কৰক। এতিয়ালৈ ৫শৰো অধিক অনুকম্পামূলক নিযুক্তি প্ৰদান সম্ভৱ হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, চাকৰিৰ এখন ডাঙৰ বজাৰ চলি আছিল। এয়া নিকা আৰু স্বচ্চ কৰিবলৈ যাওঁতে বহু বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত দলৰ ভিতৰত–বাহিৰত বাধাৰ সন্মুখীন হৈছিলো। আজি মুখ্যমন্ত্ৰী অথবা শিক্ষামন্ত্ৰী থাকক নাথকক, কিন্তু নিকা ব্যৱস্থাৰ মাজেৰে নিয়োগৰ ধাৰা আৰম্ভ হৈছে। মা গংগাৰ দৰে নিকা আৰু স্বচ্ছ হ’ব লাগিব আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া। শেহতীয়া ২ নিযুক্তি নিকা–স্বচ্ছ হৈছে। ইয়াত আৰু কোনেও কলংক সানিব নোৱাৰে। লোকসেৱা আয়োগত চাকৰি লাভৰ বাবে ধনৰ লেনদেন নচলে। ২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিম বুলিও মন্তব্য কৰে ড০ শৰ্মাই। তেওঁ কয়, ‘‘এই ৰাজ্যত থাকি অসমৰ বিৰোধিতা কৰা দিন উকলি গ’ল। নেতিবাচক চিন্তাৰ এতিয়া স্থান নাই।’’
হিমালয়ো যদি সন্মুখত থিয় হয়, তথাপি আমি ১ লাখ নিযুক্তি দিবলৈ সাজু বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অসমৰ অশ্বমেধ যাত্ৰা চলি থাকিব। অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’ব। পিতৃ–মাতৃৰ আশীৰ্বাদ অবিহনে কেতিয়াও আগুৱাই যাব নোৱাৰে। পিতৃ–মাতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰো। সেয়া সদায় মনত ৰাখিব লাগিব বুলিও ভাষণত মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।