আজি মুখ্যমন্ত্ৰীয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতু। গুৱাহাটীবাসীৰ বাবে মুকলি হ’ব দুইলেন যুক্ত উৰণীয়া সেঁতুখন।
উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৭৯০ মিটাৰ আৰু নিৰ্ধাৰিত সময়তকৈ ১০মাহ পূৰ্বে মুকলি কৰা উৰণীয়া সেঁতুখনৰ ১৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।