আজি বিজয়া দশমী। ৫ দিনজোৰা পূজা–অৰ্চনাৰ অন্তত আজি অশ্ৰুসিক্ত নয়নেৰে দেৱী মাক বিদায় দিব ভক্তসকলে। প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ব শাৰদীয় দুৰ্গোৎসৱৰ। বিজয়া দশমীত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক অন্য ধৰণৰ আবেগ। কাৰণ বিজয়া দশমী মানেই দুৰ্গা মা উভতি যোৱা। পুনৰ এটা বছৰৰ অপেক্ষা। ৫ দিনীয়া পূজা–অৰ্চনাৰ অন্তত ম্লান পৰিব পূজা মণ্ডপসমূহ। লোকাৰণ্য হৈ থকা পূজা পেণ্ডেলসমূহ নিতাল–নিস্তব্ধ হৈ পৰিব। বিগত চাৰিটা দিনত পূজা মণ্ডপসমূহ ঢাক–ঢোল, শংখ–ঘণ্টা, মন্ত্ৰোচ্চাৰণ, মংগল ধ্বনিৰে মুখৰ হৈ আছিল।
আজি বিজয়া দশমী উপলক্ষে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ৰাৱণ দাহৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। পূৰাণ মতে, এই তিথিত দেৱী দুৰ্গাৰ আশীৰ্বাদ লৈ লংকাৰ ৰজা ৰাৱণক বধ কৰিছিল দশৰথ পুত্ৰ শ্ৰীৰামচন্দ্ৰই।
স্থানভেদে বিজয়া দশমীৰ দিনা সেন্দুৰ খেলা ৰীতিও চলি আহিছে। হিন্দু ৰীতি অনুসৰি বিয়াৰ সময়ত সেন্দুৰ দাম হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ আচাৰ। বিবাহিত মহিলাসকলে স্বামীৰ মংগল কামনা কৰি সেন্দুৰ পিন্ধে। সেন্দুৰক ব্ৰহ্মাৰ প্ৰতীক বুলি ভৱা হয়। আৰু ব্ৰহ্মাই জীৱনৰ সমস্ত কষ্ট দূৰ কৰি আনন্দৰে ভৰাই ৰাখে বুলি প্ৰচলিত মত আছে। কপালত ব্ৰহ্মা অধিষ্ঠান কৰে বুলিয়ে ধাৰণা কৰা হয়।।