আলফা নেতা অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱা। এই বন্যা এতিয়া হ’বলৈ আগবাঢ়িছে বাংলাদেশৰ বোৱাৰী। কিয়নো অষ্ট্ৰেলিয়াত থাকিলেও অনিৰ্বাণৰ ঘৰ বাংলাদেশত। বন্যাই বাংলাদেশত থাকোঁতেই অনিৰ্বাণৰ সৈতে চিনাকী। দেউতাক মাকৰ সৈতে ঢাকাত থকাৰ সময়ত ধনগুৰি মাষ্টাৰমাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলত অনিৰ্বাণৰ সৈতে একেলগে পঢ়িছিল বন্যাই। এসময়ত সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাৰ শীৰ্ষ নেতাসকলৰ ভিতৰত অন্যতম আছিল অনুপ চেতিয়া। আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল চেতিয়া। গোলাপ বৰুৱা নামেৰেও পৰিচিত অনুপ চেতিয়াক ১৯৯৭ চনৰ ২১ ডিচেম্বৰত ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ পৰা বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
অবৈধ ভাৱে বাংলাদেশত বাস কৰা বিদেশী মুদ্ৰা ৰখোৱাকে ধৰি তিনিটাকৈ গোচৰত গ্ৰেপ্তাৰ কৰা অনুপ চেতিয়াক এটা গোচৰত ৩ বছৰ, আন এটা গোচৰত ৪ বছৰ আৰু তৃতীয়টো গোচৰত ৭ বছৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। ২০১৫ চনৰ ১২ নৱেম্বৰত কাচিনপুৰৰ কাৰাগাৰৰ পৰা বাংলাদেশে ভাৰতক গতাই দিছিল অনুপ চেতিয়াক। সেইজন অনুপ চেতিয়াৰে কন্যা বন্যা বৰুৱা। অনুপ চেতিয়াৰ কন্যাৰ বিবাহৰ খবৰে সামাজিক মাধ্যমতো খলকনিৰ সৃষ্টি কৰিছে।
কন্যাৰ ইচ্ছাক পিতৃয়ে সন্মান জনাই বাংলাদেশৰ যুৱক অনিৰ্বাণৰ সৈতে বিবাহ পাশত আবদ্ধ হ’বলৈ দিয়াৰ খবৰে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত কোনো কোনোৱে এই বিষয়টোক লৈ সমালোচনাও কৰিছে অনুপ চেতিয়াক।