ভাৰতীয় ফুটবলক নতুন ৰূপ দিয়া হিৰো ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ নৱম সংস্কৰণ সাত অক্টোবৰৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য যে, ক’ভিডৰ বাবে যোৱা দুবছৰ ISLৰ মেচ দর্শক অবিহনে কেৱল গোৱাতে হৈছিল যদিও এইবাৰ পুনৰ সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব। অর্থাৎ ISL খেলিব লগা ১১ টা দলে নিজৰ নিজৰ চহৰত ১০ খনকৈ লীগ মেচ খেলাৰ সুযোগ লাভ কৰিব। অহা ছমাহত পুনৰ ফুটবলৰ উৎসৱৰ মায়াত ডুব যাব ভাৰতীয় ক্রীড়াপ্রেমী।
উল্লেখ্য যে, পূৰ্বৰ দৰে এইবাৰ নিজৰ প্ৰিয় দলটোক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত থাকিবলৈ সুযোগ পাব সকলো দৰ্শকে। অহা সাত অক্টোবৰত কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’ব লগা নৱম ISLৰ উদ্বোধনী মেচত ঘৰুৱা দল কেৰালা ব্ৰাষ্টাৰ্ছ FCয়ে খেলিব কলকাতাৰ দল ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে।
সুখবৰ যে, উত্তৰ-পূবৰ ক্ৰীড়াপ্ৰেমীৰ দুবছৰীয়া অপেক্ষাৰ অন্ত পেলাই এইবাৰ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামতো পুনৰ হ’ব ISL ৰ মেচ। অহা ১৩ অক্টোবৰত ঘৰুৱা দল নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে গুৱাহাটীৰ প্ৰথম মেচত মুখামুখি হ’ব বিগত ছিজনৰ চেম্পিয়ন হায়দাবাদ এফ চিৰ বিৰুদ্ধে। অৱশ্যে নর্থ-ইষ্ট ইউনাইটেডে নতুন ছিজনৰ প্ৰথমখন মেচ খেলিব বাংগালুৰু এফ চিৰ বিৰুদ্ধে। অহা ৮ অক্টোবৰত বাংগালুৰুৰ শ্ৰী কাণ্টিৰাবা ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব।