ভাৰতীয় নৌ সেনাৰ মিগ-২৯ কে যুজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত। গোৱাৰ নিকটৱৰ্তী সমুদ্ৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমান খনৰ পৰা অন্তিম মুহুৰ্তত পাইলট গৰাকীয়ে জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে। ইয়াৰ পাছতেই নৌ সেনাই সমুদ্ৰত অভিযান চলাই উদ্ধাৰ কৰে পাইলটগৰাকীক।
কাৰিকৰী বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও নৌ সেনাৰ বিষয়াসকলে এক তদন্তৰ কথা ঘোষণা কৰিছে। পাইলটগৰাকীয়ে এক নিয়মীয়া উৰণৰ পাছত নিজৰ বন্দৰলৈ উভতি গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন।