উৎকোচ লৈ হাতে-লোটে হোৱা গ্ৰেপ্তাৰ অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ বান্দিলে বান্দিলে টকা৷ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা এচিএছ কে কে শৰ্মাৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় নগদ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা৷
Further to trap & arrest of Sri KK Sharma last evening, search by @DIR_VAC_ASSAM at his residential premise has led to recovery of unaccounted cash INR 49 Lacs 24 thousand 700. The same is being seized and lawful action taken. @assampolice @CMOfficeAssam pic.twitter.com/F9GTWyyzYu
— GP Singh (@gpsinghips) October 29, 2022
শুকুৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা৷ ৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল শৰ্মা৷ এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ৷ বৰ্তমানেও কে কে শৰ্মাৰ বাসগৃহত অব্যাহত আছে দুৰ্নীতি নিবাৰকৰ অভিযান৷