অসমত আজিৰে পৰা আৰম্ভ হ’ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমগ্ৰ দেশতে অব্যাহত থকা ‘ভাৰত জোড়ো যাত্ৰা’। অসমৰ ধুবুৰী জিলাৰ পৰা আৰম্ভ হ’ব লগীয়া যাত্ৰাত সহযোগী হ’ব বহু কেইজন কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছী নেতা। দিনৰ ১১ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাৰ উদ্বোধন কৰি দিনটোৰ প্ৰথম কাৰ্যসূচীৰূপে অনুষ্ঠিত সভাত ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব আৰু দিনৰ ১ বজাত আৰম্ভ কৰা হ’ব পদযাত্ৰা।
উল্লেখ্য যে, অসমত ধুবুৰীৰ পৰা শদিয়ালৈ অনুষ্ঠিত হ’ব লগীয়া ‘ভাৰত জোড়ো যাত্ৰা’ই সামৰি ল’ব প্ৰায় ৮৩৫ কিলোমিটাৰ পদযাত্ৰা।