বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ড এই তিনিও ৰাজ্যতে জয় লাভ কৰিব, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে, আগৰতলাত দলৰ বুথ বিজয় অভিযানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে উত্তৰ-পূবে এক নতুন পৰিচয় লাভ কৰিছে। আগন্তুক নিৰ্বাচন আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি দ্বিতীয়বাৰৰ বাবে অসম আৰু মণিপুৰ জয় কৰাৰ পিছত, মানুহে উপলব্ধি কৰে যে উত্তৰ-পূব বিজেপিৰ বাবে স্থায়ী হৈ পৰিছে। মই নিশ্চিত যে আমি ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডতো জয় লাভ কৰিম”।
মাৰ্ক্সবাদী শাসনৰ সমাপ্তিৰ বাবে জনতাই ২০১৮ চনত বিজেপিক ক্ষমতালৈ আনিছিল আৰু বৰ্তমান জনতাই ২০২৩ চনতো পুনৰ বিজেপিকে ভোট দিব। ত্ৰিপুৰাৰ ৬০ খন আসনৰ অতি কমেও ৫৫ খন আসনত জয় লাভ কৰাবৰ বাবে দলৰ কৰ্মী সকলক আহ্বান জনাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন ২০২৩ বৰ্ষত অনুষ্ঠিত হ’ব। কিয়নো বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল মাৰ্চ মাহত সমাপ্ত হ’ব।