ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিক লৈ জাৰি কৰিছে এক নতুন নিৰ্দেশনা। সোমবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা সচিবৰ পৰা প্ৰকাশ পোৱা এক জাননী অনুসৰি ৰাজ্যৰ পৰা বিলুপ্তি হ’ব ৮০০০ চাকৰি। বিলুপ্তি হ’ব ৪২৮৫ টা নিম্ন প্ৰাথমিক আৰু ৩৭১৫ টা উচ্চ প্ৰাথমিকৰ শিক্ষকৰ পদ।
উল্লেখ্য যে,২০২০ চনত ৰাজ্য চৰকাৰৰ কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই অনুসৰি ষ্টেট পোলত একাংশ শিক্ষকক নিযুক্তি দিছিল। এই সকলক দৰমহা দিয়া হৈছিল। ৰাজ্য চৰকাৰৰ ৮ হাজাৰ পদত তেওঁলোকক দৰমহা দি ৰখা হৈছিল। ৰাজ্য চৰকাৰে হঠাতে ৮০০০ পদ বিলুপ্তি কৰাৰ ঘটনাই বৰ্তমান যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।