ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ডেংগুৰ সংক্ৰমণ। কাৰ্বি আংলঙত আক্ৰান্ত হৈছে ২৭১ জন। কামৰূপ (মঃ)ত আক্ৰান্ত ৮ জন। নগাঁও, হোজাই, চৰাইদেউ, নলবাৰীতো ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰ আহি পৰিছে।
উল্লেখযোগ্য যে ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণত বৰ্তমানলৈ ৩ শতাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৩ জনৰ মৃত্যু হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৫ দিনলৈ ডিফুৰ সকলো স্কুল বন্ধ ঘোষণা কৰিছে।