আগন্তুক ২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ৰূপে পৰিগণিত হ’ব ভাৰতবৰ্ষ। আৰু এই তথ্য প্ৰকাশ পালে সংযুক্ত ৰাষ্ট্ৰৰ ‘বিশ্ব জনসংখ্যা ২০২২ প্ৰতিবেদন’ত।
এই প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰে ১৫ নৱেম্বৰত বিশ্ব জনসংখ্যাই স্পৰ্শ কৰিব ৮ বিলিয়ন। আনহাতে, একেই প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি ২০৩০ চনলৈ এই জনসংখ্যা বৃদ্ধি হৈ হ’বগৈ ৮.৫ বিলিয়ন আৰু ২০৫০ লৈ ৯.৭ বিলিয়নলৈ। প্ৰতিবেদন খনে প্ৰকাশ কৰা অনুসৰি, আগন্তুক ২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেনেস্থলত, বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ৰূপে পৰিগণিত হ’ব ভাৰতবৰ্ষ।
উল্লেখ্য যে, ভাৰতৰ বৰ্তমানৰ জনসংখ্যা ১.৩৯ বিলিয়ন আৰু চীনৰ বৰ্তমানৰ জনসংখ্যা ১.৪১ বিলিয়ন। বৰ্ধিত জনসংখ্যাই সঘনাই সংকটৰ সৃষ্টি কৰা অহা ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অহা বিদেশীক অনায়সে নাগৰিকত্ব প্ৰদান কৰিবলৈ লোৱা ব্যৱস্থাটোও চিন্তনীয়।