কাটাৰত আজিৰে পৰা ফিফা বিশ্ব কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হ’ব৷ এইবাৰৰ প্ৰতিযোগিতাৰ খেলসমূহ সমগ্ৰ বিশ্বৰে প্ৰায় পাঁচ কোটি লোকে উপভোগ কৰিব বুলি ফিফাৰ সভাপতি জিয়ানি ইনফেণ্টিনোৱে জানিবলৈ দিয়ে। তেওঁ বিশ্ববাসীক ফুটবলৰ আনন্দ উপভোগ কৰাৰ বাবে আহ্বান জনাইছে৷ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত ইনফেণ্টিনোৱে কয় যে বিশ্ব কাপ সুখ আৰু একতাৰ এক বাৰ্তা হোৱা উচিত৷
উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব কাপ কেইবাটাও দিশৰ পৰা বিশেষ বুলি গণ্য হৈছে৷ কাৰণ, এইবাৰৰ বিশ্ব কাপ আটাইতকৈ ব্যয়বহুল হ’ব৷ প্ৰতিযোগিতাখন মুঠতে ২২০০০ কোটি ডলাৰ ব্যয় হ’ব৷ ২০১৮ চনৰ বিশ্ব কাপত ব্যয় হৈছিল ১৫০০ কোটি ডলাৰ৷ মন কৰিবলগীয়া যে আৰবৰ দেশসমূহত প্ৰথমবাৰৰ বাবে বিশ্ব কাপ ফুটবলৰ আয়োজন কৰা হৈছে৷
লগতে, ফিফা বিশ্ব কাপৰ আয়োজন কৰা কাটাৰ হ’ল প্ৰথমখন মুছলিম বহুল দেশ৷ ২০০২ চনত জাপান আৰু দক্ষিণ কোৰিয়াই যুটীয়াভাৱে বিশ্ব কাপৰ আয়োজন কৰিছিল৷ ইয়াৰ পাছত দ্বিতীয়বাৰৰ বাবে এছিয়া মহাদেশত বিশ্ব কাপৰ আয়োজন কৰা হৈছে৷ কাটাৰত ১৯৬০ চনত ফুটবল সন্থা স্থাপন কৰা হৈছিল৷
ইয়াৰ তিনি বছৰৰ পাছত দেশখন ফিফাৰ সদস্য হয়৷ ১৯৯০ চনত কাটাৰৰ ফুটবল দলটো বিশ্ব কাপৰ যোগ্যতা অৰ্জন কৰাৰ দিশত আগবাঢ়িছিল যদিও সফল হ’ব নোৱাৰিলে৷ এইবাৰ দলটোৱে প্ৰথমবাৰ বিশ্ব কাপত খেলিব৷ বিশ্ব কাপৰ আয়োজন কৰা কাটাৰ হ’ল বিশ্বৰ আটাইতকৈ সৰু দেশ৷
আনহাতে, বিশ্ব কাপ চোৱাৰ বাবে কাটাৰলৈ সমগ্ৰ বিশ্বৰে প্ৰায় ১৫ লাখ ফুটবলপ্ৰেমীৰ সমাগম হ’ব বুলি আশা কৰা হৈছে৷ সাধাৰণতে বিশ্বকাপ মে’-জুলাইৰ ভিতৰত অনুষ্ঠিত হয়৷ এইবাৰৰ বিশ্ব কাপ অনুষ্ঠিত হ’ব নৱেম্বৰ-ডিচেম্বৰত৷ আন কথাত প্ৰথমবাৰৰ বাবে শীতকালত বিশ্ব কাপৰ আয়োজন কৰা হৈছে।