মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কিবা কাৰণত অলপ মানসিক অশান্তি হবও পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব। শিল্পীসকল অশান্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনৈতিক আৰু সমাজকর্মীৰ নতুন লাভ জনক কামত লাগিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা শুভ কাৰক।
বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হােৱাৰ যােগ। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগকাৰক হ’ব। ৰাজনৈতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। প্রেম আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ।
মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ ক্ষেত্ৰত শুভ যদিও মনত কিছু অশান্তি আৰু দুশ্চিন্তা থাকিব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ। বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ নতুন উন্নত যােগাযােগ হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মধ্যমীয়া হ’ব।
কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক দিশত শুভ হ’ব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তিৰ মাজতো আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব। ৰাজনৈতিক আৰু সমাজকর্মীৰ লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ ফল পাব।
সিংহঃ সিংহ ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক। কোনাে কথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী আৰু শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ।সংখ্যাতত্বৰ ফালৰ পৰা কিছু অশান্তি কাৰক হ’ব।
কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক, মানসিক শুভকাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিযােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।
তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব। ৰাজনৈতিক, সমাজসেৱীৰ লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মিশ্রিত কাৰক হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যােগ। মন ভাগৰুৱা হ’ব পাৰে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনা মতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যােগ। প্রেম-প্রীতি আৰু সাংসাৰিক শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।
ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতে কিছু আশাব্যঞ্জক উৎসাহ বাঢ়িব। ৰাজনৈতিক, সমাজকর্মীৰ মানসিক দুশ্চিন্তা সত্ত্বেও লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটোত অত্যন্ত শুভ কাৰক।
মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু শুভ, কাৰক।
কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ অশান্তিৰ যােগ শিক্ষার্থী, সাহিত্যিক, শিল্পী, খেলুৱৈৰ শুভ। ৰাজনৈতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰ যােগ। কর্ম, বাণিজ্য আৰু আর্থিকত অলপ উন্নতিৰ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।
মীনঃ মীন ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব। ৰাজনৈতিক আৰু সমাজকর্মীৰ উন্নতিৰ যােগাযােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ কাৰক হ’ব।