অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে পুনৰ ৰাইজৰ মূৰত শোধাই চলিত বৰ্ষৰ অন্তিমটো সপ্তাহতে পুনৰ বৃদ্ধি কৰিলে বিদ্যুতৰ মাছুল। বিদ্যুৎ মাছুলৰ বিসংগতিৰ বাবে ইতিমধ্যেই হাৰাশাস্তি ভুগিছে ৰাইজে।
উল্লেখ্য যে, ৯ ডিছেম্বৰতেই বিদ্যুৎ বিতৰণ কোম্পানীয়ে জাৰি কৰিছিল মাছুল বৃদ্ধিৰ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি, প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি পালে বিদ্যুৎ মাছুল। দৈনন্দিন জীৱনত প্ৰয়োজনীয় সুবিধাসমূহৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।