আজি মাঘৰ প্ৰথমটো দিন। মাঘৰ পুৱা মংগল কামনাৰে মেজি জ্বলাই সকলোৱে আদৰিলে মাঘ বিহুক। শীতৰ কুৱঁলীত পথাৰত সকলোৱে একেলগ হৈ অপায়, অমংগল, অসূয়া-অপ্রীতি সকলো নিপাত যোৱাৰ আশাৰে, পূজা–পাৰ্বন, নৃত্য–গীতেৰে ডেকা–বুঢ়া, পুৰুষ–মহিলা সকলোৱে মেজিৰ জুই জ্বলায়। উৰুকা নিশা ভোজ ভাত খাই আজি পুৱা মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত সেৱা জনালে সকলোৱে। মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি জুইত আগবঢ়াই সকলোৱে অগ্নিক সেৱা কৰে।
বিহু উপলক্ষে অসমীয়া মহিলাসকলে কেইবাদিনৰ আগৰ পৰাই বিহুৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে বিভিন্ন পিঠা–পনা যেনে তিল পিঠা, নাৰিকল পিঠা, খোলাচাপৰীয়া পিঠা, টেকেলী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা বনায়। লগতে বিভিন্ন ধৰণৰ লাৰু যেনে তিলৰ লাৰু, নাৰিকলৰ লাৰু ইত্যাদি তৈয়াৰ কৰে। মাঘ বিহুৰ পুৱা মেজি জ্বলোৱাৰ পিছত সকলোৱে পিঠা–পনা, দৈ–চিৰা, বৰা ভাত আৰু অন্যান্য পৰম্পৰাগত খাদ্য উপভোগ কৰে।