অসমত বিগত কেইটামান দিনত ঘন ঘনকৈ আহি আছে মৃদু ভূমিকম্প। এই ধাৰা অব্যাহত ৰাখি মাত্ৰ ১৭ ঘণ্টাৰ বিৰতিত সোমবাৰে পুৱা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে আজি পুৱা ৭ বাজি ৪৭ মিনিট ১৪ চেকেণ্ডত প্ৰায় ১৩ চেকেণ্ড মান সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৫ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলাৰ সীমান্তৰ মেঘালয়ৰ পশ্চিম খাচী পাহাৰ পাহাৰ জিলাৰ পাচ কিলোমিটাৰ গভীৰতাত উত্তৰ পূব কোণত ৫ কিলোমিটাৰ গভীৰতাত। অবশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই। ইয়াৰ মাত্ৰ ১৭ ঘণ্টা পূৰ্বে কালি আবেলি ৩.৫ কম্পনাংকৰ মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ সমীপৰ মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলা। আনকি ১৭ এপ্ৰিলতো এটা ভূমিকম্পই জোকাৰি গৈছিল অসম আৰু মেঘালয়ৰ এক বিস্তীৰ্ণ অঞ্চল। উল্লেখযোগ্য যে বিগত সময়চোৱাত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্য আৰু গাতে লগা ম্যানমাৰ সীমান্ততো কেবাটাও মৃদু আৰু মধ্যমীয়া প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গৈছে।