নৰ্থইষ্ট হেভী গুডচ কেৰিয়াৰ ট্ৰাক ওনাৰচ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এচ’চিয়েচনৰ কেন্দ্ৰীয় সভাপতি দীপ কুমাৰ দাসৰ উপস্থিতিত মহানগৰীত ৰবিবাৰে অনুস্থিত এক সভাত অল কামৰূপ জিলা সমিতি গঠন কৰে। মহানগৰীৰ নাৰেংগীত অনুস্থিত সভাত প্ৰায় ৩০০ ট্ৰাক মালিক আৰু ড্ৰাইভাৰৰ উপস্থিতিত অল কামৰূপ জিলা সমিতিখন নতুনকৈ গঠন কৰে। ৫১ জনীয়া কাৰ্যনিৰ্বাহকেৰে ত্ৰিদীপ কলিতাক সভাপতি, শংকৰ কলিতাক কাৰ্যকৰী সভাপতি আৰু দীপজ্যোতি দাসক সম্পাদক হিচাপে লৈ এই সমিতি গঠন হয়। নৰ্থইষ্ট হেভী গুডচ কেৰিয়াৰ ট্ৰাক ওনাৰচ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এচ’চিয়েচনৰ অন্তৰ্ভুক্ত কামৰূপ জিলা সমিতিয়ে মহানগৰীক সামৰি কামৰূপ আৰু কামৰূপ মেট্ৰো জিলা দুখনক সামৰি অল কামৰূপ জিলা হিচাপে কাৰ্যনিৰ্বাহ কৰিব। নতুন সমিতিৰ কাৰ্যকাল দুবছৰীয়া হৱ বুলি জনাইছে এচোচিয়েচনে।
আনহাতে দেশৰ লগতে ৰাজ্যৰ ট্ৰাক চালক আৰু মালিক সকল বিভিন্ন সময়ত মুখামুখী হৈ অহা নিৰ্যাতন, সমস্যাসমুহৰ ক্ষেত্ৰত নৰ্থইষ্ট হেভী গুডচ কেৰিয়াৰ ট্ৰাক ওনাৰচ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এচ’চিয়েচনে মাত মাতি যোৱাৰ লগতে চালকসকলৰ পেঞ্চন নীতি অতিশীঘ্ৰে লাঘু কৰাৰ বাবে এছোচিয়েচনে চৰকাৰক জনোৱা দাবীক ক্ষীপ্ৰ কৰাৰ বাবে পুনৰ এক প্ৰস্তাৱ লয়।সভাত পেট্ৰোল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰা, সকলো মটৰ শ্ৰমিকৰ ওপৰত চলা সকলো প্ৰকাৰৰ হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনাই প্ৰস্তাৱ লয়। অল কামৰূপ জিলা সমিতিৰ নেতৃত্বত পৰবৰ্তী সময়ত সমগ্ৰ নৰ্থইষ্ট ৰ মটৰ শ্ৰমিকসকলৰ সমস্যাসমুহৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ কাম কৰাৰ ববে নৰ্থইষ্ট হেভী গুডচ কেৰিয়াৰ ট্ৰাক ওনাৰচ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এচ’চিয়েচনৰ সভাপতি দীপ কুমাৰ দাসে আহ্বান জনাই।