বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰাখি অসম মহিলা অভিযন্তা সন্থা আৰু অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ যৌথ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আজি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়৷ পুৱা ১০.৩০ বজাত অসম মহিলা অভিযন্তা সন্থাৰ সদস্যা সকলৰ দ্বাৰা বিদ্যালয় চৌহদত বিভিন্ন ফলমূল আৰু অন্যান্য গছপুলি ৰোপণৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ উপৰিও পৰিবেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক সজাগতা সভা অনুষ্ঠিত হয়।
বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ বৰুৱাই সঞ্চালনা কৰা সভাখনত উপস্থিত সকলোকে আদৰণি জনায় সন্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়াই। সভাত সন্থাৰ সম্পদিকা অন্তৰা বৰুৱা , প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱা, বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কুমাৰ কলিতাই ভাষণ প্ৰদান কৰে । আনহাতে দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীৰ মাজত পৰিবেশৰ ওপৰত এক আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ সামৰণিত বিজয়ী ছাত্ৰ- ছাত্ৰী সকলক অসম মহিলা অভিযন্তা সন্থা আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা পুুৰস্কৃত কৰা হয়। কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী , শিক্ষক – শিক্ষয়ত্ৰী, কৰ্মচাৰী আৰু কাষৰীয়া অঞ্চলৰ কেবাজনো পৰিৱেশকৰ্মী উপস্থিত থাকে।