মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আই কিউ এ চিৰ যৌথ উদ্যোগত তথা গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত আজি মহাবিদ্যালয় প্ৰাঙ্গনত পুৱা ১০:৩০ বজাৰ পৰা মহিলা সকলৰ বাবে বিশেষ ভাবে কেঞ্চাৰ ৰোগ সন্দৰ্ভত এক স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। স্বাস্থ্য পৰীক্ষা শিবিৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাণা শৰ্মাই। উদ্বোধনী ভাষণত ডঃ শৰ্মাই স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ জৰিয়তে বৃহত্তৰ পশ্চিম গুৱাহাটী অঞ্চলৰ মহিলা সকল বিশেষ ভাবে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে। লগতে সৰ্বসাধাৰণ পৰিয়ালৰ মহিলা সকলৰ বাবে সজাগতা সৃষ্টি কৰা আৰু বিনামূলীয়াভাবে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আগবাঢ়ি অহা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা মহিলা কোষৰ সমন্বয়ক ডঃ পূৰবী কলিতাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ চিকিৎসক ডাঃ অনিন্দিতা ধৰ, এ এন এম ক্ৰমে মম্পী বিশ্বাস আৰু শিখামণি দাস, এম এছ ডব্লিউ ক্ৰমে দুলুমণি দাস, বিদিশা বুঢ়াগোহাঁই আৰু পৌশালী ভট্টাচাৰ্যই চমু ভাষণত কেঞ্চাৰ ৰোগৰ উৎস আৰু প্ৰতিৰোধ তথা মহিলা সকলৰ ক্ষেত্ৰত সজাগতা সম্পৰ্কত এক মননশীল বক্তব্য প্ৰদান কৰে।
তদুপৰি স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকি আজাৰা অঞ্চলৰ বয়োজ্যেষ্ঠ মহিলা, সাহিত্যিক তথা কেঞ্চাৰ ৰোগী কুঞ্জলতা মেধিয়ে মহিলা সকলৰ স্তন কেঞ্চাৰ সন্দৰ্ভত এক সজাগতামূলক বক্তব্য প্ৰদান কৰি মহিলা সকলক প্রতিটো ক্ষেত্ৰতে মনোবল অটুট ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ জৰিয়তে প্ৰায় ত্ৰিশগৰাকী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰে। আনহাতে যিসকল মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ৰোগ চিনাক্তকৰণ ধৰা পৰিছে , তেনে মহিলা সকলক বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত সু-চিকিৎসা কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।