বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিতাৰিত কৰা হ’ল অসমীয়া ভাষা। এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অসমীয়া ভাষাত লিখিব নোৱাৰিব। এক নিৰ্দেশনাৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ স্নাতক বৰ্ষৰ শিক্ষাৰ্থী আৰু বিশ্ববিদ্যালয়খনৰ অধীনস্থ মুঠ ৫৯ খং মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা কেৱল ইংৰাজীতহে লিখিব পাৰিব বুলি জনাইছে। কেৱল এম আই এলৰ ক্ষেত্ৰতহে এই নতুন নিৰ্দেশনা কাৰ্যকৰী নহ’ব।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদৰ ২৮ মাৰ্চৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্তত অনুমোদন জনাইছিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে। সেই অনুসৰিয়েই এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ অধীনস্থ ৫৯ খন মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ মেজৰকে ধৰি সকলো পাঠ্যক্ৰমৰ শিক্ষাৰ্থীয়ে কেৱল ইংৰাজী ভাষাতহে লিখিব পাৰিব।
এই সন্দৰ্ভত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাডেমিক ৰেজিষ্টাৰ ড° মঞ্জিল বসুমতাৰীয়ে কয়, যদিও মেজৰ পাঠ্যক্ৰমত ইংৰাজীত লিখাৰ নিয়ম আছে তথাপিও ছাত্ৰ -ছাত্ৰীক অসমীয়াত লিখাৰ অনুমতি দিয়া হয়। অসমীয়াত প্ৰশ্নকাকত তৈয়াৰ কৰা আৰু মূল্যায়ন কৰাত অসুবিধাৰ সৃষ্টি হয়। যাৰ বাবে পৰীক্ষাৰ ৰিজাল্ট দিওতেও পলম হয়।