জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ তালাচী অভিযান। মঙলবাৰে ৰাজ্যখনৰ ৫টাকৈ স্থানত NIAই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাম্ভাৱ্য আশ্ৰয় শিবিৰত অভিযান চলায়। ৰাজ্যখনত নতুনকৈ গঠন হোৱা কেতবোৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে দক্ষিণ কাশ্মীৰৰ তুৰ্কাৱাংগাম আৰু কাপ্ৰান গাঁৱকে ধৰি ৫স্থানত চলা NIAৰ এই অভিযানত বহু আপত্তিজনক তথ্য আৰু ডিজিটেল সামগ্ৰী উদ্ধাৰ কৰে।
এই সমূহ সন্ত্ৰাসবাদী সংগঠনে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লাছখাৰ-ই-তৈবা (এলইটি), জৈশ-ই-মহম্মদ (জেইএম), হিজব-উল-মুজাহিদীন (এইচএম) আৰু আল-বদৰ আদিৰ সৈতে বিভিন্ন সময়ত সহযোগিতা কৰাৰ সন্দেহত NIAই উক্ত অভিযান চলায়। উল্লেখ্য যে,জম্মু-কাশ্মীৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহায়ত NIAৰ চোৰাংচোৱাই এই অভিযানত চলায়।