আজিৰে পৰা বিলুপ্তি হ’ল মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জনোৱা এক অধিসূচনাত এই কথা প্ৰকাশ বিভাগৰ প্ৰধান সচিব অবিনাশ যোগীৰ। তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা অধিসূচনা মৰ্মে প্ৰশাসনীয় সুবিধা আৰু জিলা উপায়ুক্তক যাৱতীয় ক্ষমতা প্ৰদানৰ জৰিয়তে প্ৰশাসানক ৰাইজৰ ওচৰলৈ চপাই নিয়াৰ বাবেই বিলোপ কৰা হৈছে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়বোৰ।
ৰাজ্যৰ ৫ খনকৈ আয়ুক্তৰ কাৰ্যালয়ক এই অধিসূচনাত জনোৱা অনুসৰি তেওঁলোকৰ কৰ্তৃত্বত থকা ক্ষমতাসমূহ এতিয়াৰে পৰা সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিবৰ হাতত থাকিব। আনহাতে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল সংশ্লিষ্ট জিলা প্ৰশাসনৰ অধীনলৈ আহিব। আন এক অধিসূচনাৰ মতে জিলা উপায়ুক্তৰ পদবীক এতিয়াৰে পৰা জিলা আয়ুক্ত হিচাপে নতুনকৈ নামাকৰণ কৰা হৈছে। যাৰ বাবে এতিয়াৰে পৰা উপায়ুক্তসকল পৰিচিত হ’ব আয়ুক্ত হিচাপে।