আজি উচ্চতম ন্য়ায়ালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই দাখিল কৰা সকলো আবেদনৰ শুনানি হ’ব। চলিত সপ্তাহত ৰাজ্যৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ ১০ নেতাই যৌথভাৱে দাখিল কৰা লেখ আবেদনৰ দুদিন পূৰ্বে মৌখিক শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ২৪ জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনোৱা শুনানিৰ দিন ধাৰ্য কৰিছিল। সমগ্ৰ প্ৰক্ৰিয়াটো জ্যেষ্ঠ অধিবক্ত কপিল ছিবালে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত মৌখিকভাৱে দাঙি ধৰিছিল।
ইয়াৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৪৫ মিনিট সময় দুয়োগৰাকী নেতাই আলোচনা কৰে।মুখ্যমন্ত্ৰীয়ে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাকো সাক্ষাৎ কৰি বিষয় সন্দৰ্ভত বুজ লয় বুলি জানিব পৰা গৈছে।