বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, শেহতীয়াকৈ উন্মোচন কৰা হৈছে উন্নত যাত্ৰী ৱাই-ফাই সেৱা লাভ কৰিব পাৰিব। উল্লেখযোগ্য যে, যাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে বিমানকোঠত বিনামূলীয়া আৰু সীমাহীন ৱাই-ফাই উপলব্ধ হব। সহজ লগইন পদ্ধতিৰে ব্যৱহাৰকাৰীয়ে কেৱল নিজৰ ফোন নম্বৰ দিব লাগিব। সফল লগ-ইনৰ লগে-লগে ব্যৱহাৰকাৰীৰ নম্বৰলৈ এটা পাছৱৰ্ড (OTP) প্ৰেৰণ কৰা হয়, যাৰ ফলত ব্যৱহাৰকাৰীয়ে ২ ঘণ্টাৰ সীমাহীন ডাটা লাভ কৰিব। আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ বাবেও এই ৱাই-ফাইৰ সুবিধা উপলব্ধ।
যাত্ৰীসকলে ক্ৰমে আগমন বা প্ৰস্থানৰ সময়ত সেই এলেকাত থকা “মে আই হেল্প ইউ” ডেস্ক বা সদ্য সংস্থাপিত ৱাই-ফাই কিয়স্ক মেচিনত কুপন ল’ব পাৰিব। তাৰোপৰি, যাত্ৰীসকলে মেচিনত পাছপ’ৰ্ট আৰু বৰ্ডিং পাছ স্কেন কৰি সহজেই কুপন লাভ কৰিব পাৰিব। কুপনসমূহৰ সহায়ত ২ ঘণ্টাৰ সীমাহীন ডাটাৰ সৈতে ৱাই-ফাই নেটৱৰ্কত চাইন ইন কৰিব পাৰিব।
বিমানকোঠ কৰ্তৃপক্ষই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নিয়ম কঠোৰভাৱে বলবৎ কৰিছে যাৰ ফলত বিমানকোঠৰ ভিতৰত ৱাই-ফাই নেটৱৰ্কে নিষিদ্ধ এলেকাৰ প্ৰৱেশত বাধা দিয়ে। বিমানকোঠৰ আই টি দলটোৱে টাৰ্মিনেল অপাৰেচন আৰু যোগাযোগ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাত্ৰীসকলৰ ৱাই-ফাই চৰকাৰী নিয়ম-নিৰ্দেশনা অনুসৰি ৰক্ষণাবেক্ষণ দিছে। ভাৰতৰ ভিতৰত বা বিদেশৰ পৰা অহা যাত্ৰীসকলে এতিয়া নিজৰ কুতুম্বৰ সৈতে সংযুক্ত হৈ থাকিব পাৰিব। গুৱাহাটী বিমানকোঠৰ ডিজিটেলাইজেশ্যনৰ পদক্ষেপৰ দিশত এয়া এক বৃহৎ সাফল্য আৰু গুৱাহাটী বিমানকোঠে ভ্ৰমণকাৰী যাত্ৰীসকলক এই অভিনৱ সেৱা আগবঢ়াবলৈ পাই অতি আনন্দ প্ৰকাশ কৰিছে।