গংগা বিলাসৰ সফলতাৰ পাছত অসমলৈ দ্বিতীয়বাৰৰ বাবে নদীপথেৰে বিদেশী পর্যটক কঢ়িয়াই অনা এম ভি কিণ্ডাত পাণ্ডৱে শুক্ৰবাৰে ইণ্ডো-বাংলাদেশ প্ৰট’কল ৰুট (আইবিপিআৰ) ৰ জৰিয়তে এই জলপথছোৱাৰ যাত্ৰা সম্পূৰ্ণ কৰাৰ পাছত ধুবুৰীত প্ৰৱেশ কৰে৷ জাহাজখনত থকা কানাডা, অষ্ট্ৰেলিয়া, চুইজাৰলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউকে-ৰ মুঠ ৩১ জন পৰ্যটকৰ সন্মুখত অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব৷ ২১ দিনীয়া এই নদী ভ্ৰমণ গুৱাহাটীৰ পাণ্ডুত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে।
এই সন্দৰ্ভত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “অসমৰ আভ্যন্তৰীণ জলপথৰ পুনৰুত্থানৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ মুহূর্ত। মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জলপথ ২ অর্থাৎ ব্ৰহ্মপুত্ৰৰ অৰ্থনৈতিক তথা বাণিজ্যিক সম্ভাৱনাৰ অন্বেষণ আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে৷ আন্তঃৰাষ্ট্ৰীয় ক্রুজ জাহাজৰ ক্ৰমাগত আগমনৰ লগে লগে আমি লাহে লাহে নদী ক্রুজ পৰ্যটন উদ্যোগৰ বাবে এক শক্তিশালী পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছোঁ৷ এই ভ্ৰমণৰ সময়ছোৱাত বিদেশী পর্যটকসকলে ৰোমাঞ্চকৰ অভিজ্ঞতা বুটলি ভাৰত আৰু বাংলাদেশৰ কলা-সংস্কৃতি, ইতিহাস, ঐতিহ্য-পৰম্পৰা আৰু আধ্যাত্মিকতাৰ অন্বেষণ কৰাৰ সুযোগ লাভ কৰিছে৷ এই সফল যাত্ৰাসমূহে অসমৰ নদী পর্যটন তথা বাণিজ্যক এক নতুন গতি প্ৰদান কৰাৰ লগতে আমাৰ চহকী ঐতিহ্য, সম্পদৰ বিষয়ে পর্যটকসকলক অৱগত কৰিব৷” এই যাত্ৰা চলিত বৰ্ষৰ ২৪ অক্টোবৰত কলকাতাৰ পৰা আৰম্ভ হৈছিল আৰু যোৱা ৩ নৱেম্বৰত জাহাজখনে বাংলাদেশৰ ঢাকাত প্ৰৱেশ কৰিছিল৷
উল্লেখযোগ্য যে, প্রথম আন্তঃৰাষ্ট্ৰীয় তথা বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ভ্ৰমণ এই বছৰৰ আৰম্ভণিতে আৰম্ভ হৈছিল, যেতিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা ‘গংগা বিলাস’ৰ শুভাৰম্ভ কৰিছিল৷ ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ মাজেৰে যাত্ৰা কৰাৰ পাছত ই ৩৯ দিনত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল৷ পৃথিৱীৰ আটাইতকৈ দীঘলীয়া নদী ভ্ৰমণ হিচাপে অভিহিত হোৱা গংগা বিলাসৰ বাৰাণসীৰ পৰা বগীবিললৈ যাত্ৰা যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে সম্পূৰ্ণ হৈছিল আৰু ইয়াৰ ৫১ দিনীয়া যাত্ৰাৰ প্ৰথম সমাপ্তি ঘটিছিল।
আন্তঃৰাষ্ট্ৰীয় নদী পৰিভ্ৰমণৰ উপৰিও অসমত ঘৰুৱা নদী পৰিভ্ৰমণো চলি আছে৷ এম ভি চৰাইদেউ, এম ভি চ্যুকাফা আৰু এম ভি মহাবাহুৱে নিয়মীয়াকৈ গুৱাহাটীৰ পৰা শিলঘাটলৈ দেশী-বিদেশী পর্যটকক লৈ গৈ আছে, যাৰ ফলত অসমত এতিয়া এক ব্যস্ত নদী ক্রুজ খণ্ড নিশ্চিত হৈছে।