পথাৰো আমাৰ, বজাৰো আমাৰ। এই লক্ষ্য আগত ৰাখি স্বাৱলম্বিতাৰ সুন্দৰ নিদর্শন দেখুৱাইছে পশ্চিম গুৱাহাটীৰ ৰাণী মৈৰাপুৰৰ মাজপাৰা গাঁৱৰ মহিলা কৃষক প্রতিভা দাসে। পশ্চিম গুৱাহাটী সমষ্টিৰ মৈবাপুৰ মাজপাৰা গাঁৱৰ প্রতিভা দাস নামৰ মহিলাগৰাকীয়ে কাঠফুলা খেতি কৰি আর্থিকভাবে লাভান্বিত হ’বলৈ সক্ষম হৈছে। একেৰাহে কেইবা বছৰ ধৰি কাঠফুলাৰ খেতি কৰি পৰিয়াল চলাই আহিছে মহিলাগৰাকীয়ে।
কাঠফুলা খেতিৰ কাৰণে উন্নত মানব বীজ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র, কামৰূপ আৰু খানাপাৰাত থকা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা লাভ কৰি নিজৰ ঘৰতে নিজাববীয়াকৈ আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি । বিগত ২০২৩ বৰ্ষত প্রায় ১০০ কেজিৰো অধিক কাঠফুলা বিভিন্ন ঠাইত প্রতি কেজিত ২০০ টকাকৈ বিক্রী কৰিছিল প্রতিভাই। বর্তমান বজাৰত কাঠফুলাৰ যথেষ্ঠ চাহিদা আছে যদিও সেই অনুসৰি তেওঁ উৎপাদন কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে। দুখৰ বিষয় যে ১০ বছৰ পূর্বে প্রতিভা দাসৰ স্বামী দিগন্ত দাসৰ এটা দুর্ঘটনাত এখন ভৰি নাইকিয়া হয়। তাৰ পিছতো তিনিটা পৰিয়ালৰ একমাত্র উপার্জনকাৰী হিচাপে পৰিয়াল পোহপাল দি এক বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে প্রতিভা দাসে।