ওড়িশাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰৰ ভাঞ্জাকালা মণ্ডপত ৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ , ওড়িশাৰ লগত সংগতি ৰাখি ২৩ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছিল দ্বাদশ অজিত নাট্য মহোৎসৱ। সেই মহোৎসৱত ভাগ লৈ পশ্চিম গুৱাহাটীৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী অংগনাই ২৩ জানুৱাৰীৰ দিনা নিশা মঞ্চস্থ কৰিছিল বিভ্ৰান্ত ৰং নামৰ নাটখন।
দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা নাটখন পৰিচালনা কৰিছিল নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক , অংগনাৰ প্ৰতিষ্ঠাপক তথা খানামুখৰ জীয়ৰী উজ্জলা বৰ্মনে (পিংকী)। আনহাতে নাট্যকাৰ অপূৰ্ব ঠাকুৰীয়া ৰচিত নাটখনত সংগীত পৰিচালনা কৰিছিল কুশাল মিৰ্জা আৰু তৃষান বৰ্মনে। পোহৰৰ দায়িত্বত আছিল ডিম্পল দাস। তেনেদৰে নাটখনত অভিনয় কৰা শিল্পী সকল আছিল ক্ৰমে – স্বপন দাস, জ্যোতিস্মিতা ভট্টাচাৰ্য , অপূৰ্ব ঠাকুৰীয়া আৰু উৎপল পাঠকে।