অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র কামৰূপ চৌহদত ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ নাৰ্চাৰীৰ বৃত্তিমূলক এক পাঁচদিনীয়া প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্র কামৰূপৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতাই নাৰ্চাৰীৰ জৰিয়তে কিদৰে স্বাৱলম্বী হ’ব পাৰে সেই বিষয়ে বহুল ভাৱে ব্যক্ত কৰে। আনহাতে উদ্যান শস্য বিশেষজ্ঞা ড° দৰদী প্রিয়ম দুৱৰাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে শিবিৰৰ পাঁচদিনীয়া কাৰ্যসূচী বাখ্যা কৰে।
আনহাতে পাঁচদিনীয়া শিবিৰত সমল ব্যক্তি হিচাবে উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ডঃ ডালিম পাঠক, ডঃ সুনীল কুমাৰ বৰা, ডঃ জয়ন্ত কুমাৰ শৰ্মাৰ লগতে জেষ্ঠ্য বিজ্ঞানী ডঃ সীমা ভাগৱতী আৰু ডঃ নাছিমা ৰহমানে ভাগ লৈ উপস্থিত কৃষক সকলক বীজতলী প্রস্তত, বেমাৰমুক্ত পুলিবাৰী স্থাপন, মাটিৰ প্রতিপালন, পলিগৃহৰ ব্যৱহাৰ, গছৰ পোক আৰু বেমাৰ , সাৰ প্রয়োগ আৰু ফুলৰ ওপৰত বিশেষ ভাবে আলোকপাত কৰে । তাৰ উপৰিও নেমুত পত্ৰ কলম, আমত ডালধৰা কলম, কমলাত কলি কলম, লিচুত বায়ৱকলম, সাৰ দিয়া পদ্ধতি, উলম্ব বাগান আদি বিভিন্ন দিশত হাতে কামে দেখুওৱা হয়।
প্রশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থীক মা কামাখ্যা নাৰ্চাৰী পৰিদৰ্শন কৰোৱা হয়। এই প্রশিক্ষণত কৃষি বিজ্ঞান কেন্দ্রত উৎপাদিত বীজহীন কাজিনেমুৰ পুলি বিতৰণ কৰা হয়। শেষৰ দিনা মহকুমা কৃষি বিষয়া ( উদ্যান শস্য) গিৰীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকি নাৰ্চাৰীৰ আঁচনি আৰু আনুসংগিক বিষয়ে অৱগত কৰে । সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী কৃষক সকলক মানপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত ডঃ মধুস্মিতা কটকী আৰু ৰিজুৱানুল হেলিমে উপস্থিত থাকি প্রশিক্ষাৰ্থী সকলক উদেশ্যি অনুপ্ৰেৰণামূলক ব্যক্তব্য্ দাঙি ধৰে। শেষত শলাগৰ শৰাই আগবঢ়াই ডঃ ডৰথি প্ৰিয়ম দুৱৰাই।