ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উত্তৰ পূৱ মণ্ডলৰ উদ্যোগত ২০ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হৈছে ১৯ দিনীয়া সৰ্বভাৰতীয় চাইকেল ৰেলী।
এই ৰেলীত প্ৰাধিকৰণৰ দেশৰ বিভিন্ন প্ৰান্তৰ ৬০ জন নিৰ্বাচিত চাইকেলিষ্টে ভাগ লৈছে। ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলীৰ ১০ মাৰ্চত সামৰণি পৰিব। ২০ ফেব্ৰুৱাৰীৰ দিনা পূৱা ৬ বজাত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদত থকা প্ৰাধিকৰণৰ কমিউনিটি হলৰ পৰা পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ডঃ সন্মুখ যোগানীয়ে।
এই ৰেলীটোৱে সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সামৰি প্ৰায় ১,৬০০ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি ১০ মাৰ্চত পুনৰ বৰঝাৰ বিমানবন্দৰত সামৰণি পৰিব। এই ১৯ দিনীয়া পৰিভ্ৰমণ কালত চাইকেল ৰেলীটোৱে দৈনিক গড়ে ৫৫ কিলোমিটাৰ পৰা ১১০ কিলোমিটাৰ পথ পৰ্যন্ত চাইকেল চলাব। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ পৰা ডিমাপুৰ বিমানবন্দৰ, দ্বিতীয় পৰ্যায়ত ডিমাপুৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড় বিমানবন্দৰ তৃতীয় পৰ্যায়ত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পাছিঘাট বিমানবন্দৰ , চতুৰ্থ পৰ্যায়ত পাছিঘাট বিমানবন্দৰৰ পৰা হোলোংগী বিমানবন্দৰ , পঞ্চম পৰ্যায়ত হোলোংগী বিমানবন্দৰৰ পৰা বৰঝাৰ বিমানবন্দৰত ১০ মাৰ্চত ৰেলীৰ সামৰণি মৰা হব। সিদিনা নিশা ৭ বজাত বৰঝাৰ বিমানবন্দৰৰ কমিউনিটি হলত সামৰণি অনুষ্ঠান অনুষ্ঠিত হব।