ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত কলিকতাৰ ধূমকেতু পাপেট থিয়েটাৰে দুদিনীয়া কাৰ্য্যসূচীৰে ২৮ আৰু ২৯ ফেব্ৰুৱাৰীত কলিকতা বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অষ্টম ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পুতলা সমাৰোহ চলি আছে। এই সমৰোহত সুৰজিৎ একাডেমীয়ে ২৮ ফেব্ৰুৱাৰী পুতলা নাট “লবংগ লতিকা” পৰিবেশিত হয়। নাটৰ আৰম্ভণিতে নাট খনৰ পৰিচালিকা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত তথা এণ চি ই আৰ টি, চি চি আৰ টি, বিজ্ঞান প্ৰসাৰ, এছ চি ই আৰ টিৰ সমল ব্যক্তি তথা উস্তাদ বিছমিল্লা খা বঁটা প্ৰাপ্ত বিনীতা দেৱীক অলপতে ঘোষনা কৰা সংগীত নাটক অকাডেমীৰ পৰা ২০২২ চনত উস্তাদ বিছমিল্লা খা বঁটা পোৱা বাবে সম্বৰ্দ্ধনা জনাই ধূমকেতু পাপেট থিয়েটাৰৰ সঞ্চালক দিলীপ মণ্ডলে।
উলেখযোগ্য যে সংগীত নাটক অকাডেমীৰ পৰা উস্তাদ বিছমিল্লা খা বঁটা পোৱাৰ পিছত অন্য ৰাজ্যত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমাৰোহত বিনীতা দেৱীৰ প্ৰথম নাট মঞ্চায়ন। সমৰোহত পৰিবেশিত নাটৰ ৰচনা অজয় মৌলিকৰ। কলা নিৰ্দেশনা সীমান্ত শৰ্মাৰ। নাট খন বাংলা ভাষাত পৰিৱেশন হয়। “লবংগ লতিকা” নাট বেটি বচাও বেটি পঢ়াও (কন্যা সন্তানক বচাওক, কন্যা সন্তানক শিক্ষিত কৰক) বিষয় লৈ ৰচিত। নাট খনৰ প্ৰতিটো দৃশ্য সুন্দৰ ভাবে উপস্থাপন কৰিছে। ভাৰত বৰ্ষত শৈক্ষিক দিশত সৰ্ব শিক্ষাই ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে সেই লৈ নাট খনত ডাঙি ধৰিছে। পুতলা সমূহৰ সঞ্চালন মানৱে অভিনয় কৰা যেন দৰ্শকৰ অনুভৱ হৈছিল। প্ৰতিটো চৰিত্ৰই কাহিনীৰ মূল বিষয় সুন্দৰ ভাবে অভিনয় কলা কৌশলৰ মায়া জালে দৰ্শকক মুগ্ধ কৰিছিল। সমাৰোহৰ সন্ধিয়া কলিকতা বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহৰ পৰিৱেশ মুখৰিত কৰি তোলে। নাটত মুগ্ধহৈ দৰ্শকে বিনীতা দেৱীক প্ৰশংসাৰে উপচাই পেলাইছিল। ইতিমধ্যে এই নাট খন ভাৰতৰ চৰকাৰৰ অধীনৰ সাংস্কৃতিক কাৰ্যক্ৰমত বিভিন্ন ৰাজ্যত পৰিবেশিত হৈছে। নাট খনৰ সংগীত পাপু গোহাঁইৰ। পুতলা সমূহ সঞ্চালন কৰিছিল প্ৰণৱ জ্যোতি ৰাভা, বিনীতা দেৱী আৰু সীমান্ত শৰ্মাৰ। মঞ্চ সজ্জা সীমান্ত শৰ্মা আৰু প্ৰণৱ জ্যোতি ৰাভাৰ। বিনীতা দেৱীৰ পুতলা নাচৰ প্ৰতি এই জয় যাত্ৰা অব্যাহত থাকক। অসমৰ পুতলা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাত বিনীতা দেৱীৰ যি ভূমিকা অতুলনীয়। ভৱিষ্যতে সফলতাৰে কৰি যাওক তাৰেই কামনা কৰিছো।