দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি দেশজুৰি AAPএ সাব্যস্ত কৰে প্ৰতিবাদ। এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি AAPএ কয় যে, ED বিজেপিৰ এক অস্ত্র। কেজৰিৱালৰ নিৰ্বাচনী প্রচাৰ বন্ধ কৰিবলৈ এই ষড়যন্ত্র বিজেপিৰ।
আজি দেশৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো AAPএ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বহু কেইগৰাকী প্ৰতিবাদকাৰীক। নতুন দিল্লীত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা EDয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। তাৰপাছতে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। এই আবেদনৰ শুনানি বৰ্তমান ন্যায়ালয়ত হৈ আছে ।