অসমৰ আগশাৰীৰ নাট্য গোষ্ঠী “অংগনা”ৰ উদ্যোগত পশ্চিম গুৱাহাটীৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সমূহীয়া ভৱনত যোৱা ১৪ মার্চৰ পৰা অনুষ্ঠিত সাতদিনীয়া এক শিশু নাট কর্মশালাৰ ২১ মাৰ্চত সামৰণি পৰে । কৰ্মশালাত অভিনয়ৰ লগতে নৃত্য, অংগ সঞ্চালন, সাজসজ্জা, মঞ্চসজ্জা, পোহৰ, আৱহ সঙ্গীত আদি বিষয় সমূহৰ ওপৰতো ভাগ লোৱা শিশু প্রশিক্ষার্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও কর্মশালাখনত শিশুৰ মানসিক বিকাশত সাধুকথাৰ ভূমিকা আৰু প্রয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা হৈছিল।
আনহাতে কৰ্মশালাখনত মুখ্য প্রশিক্ষক হিচাপে ভাগ লৈছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা খানামুখৰ জীয়ৰী উজ্জ্বলা বৰ্মন (পিংকী ), অভিনেতা বদন কলিতা, আৰু অভিনেত্ৰী মণিতা বৈশ্য বৰা (সৰু আই)। প্রায় ত্রিশ গৰাকী শিশু প্রশিক্ষার্থীয়ে ভাগ লোৱা কৰ্মশালাৰ ২১ মাৰ্চত সামৰণি পৰে। সিদিনা কৰ্মশালাত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে নৃত্য, গীত পৰিবেশন কৰাৰ লগতে প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতাৰে অনুষ্ঠান পৰিৱেশন কৰে।