গ্রীষ্মকালত যাত্ৰীৰ আকষ্মিক বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা পহিলা মে’ৰ পৰা পহিলা জুলাই পৰ্যন্ত গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ মাজত সাপ্তাহিক বিশেষ ৰে’ল চলোৱা হব। তেনেদৰে এখন বিশেষ ৰে’ল ৰাজস্থানৰ শ্ৰী গংগানগৰ আৰু গুৱাহাটীৰ মাজত আৰু আনখন নিউ তিনিচুকীয়া আৰু এছএমভিটি বেংগালুৰুৰ মাজত চলাচল কৰিব। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া মতে এই দুয়োখন ৰেল উভয় দিশত ৯ টাকৈ ট্রিপৰ বাবে চলাচল কৰিব। যাত্ৰীসকলৰ সুবিধার্থে দুয়োখন বিশেষ ৰে’লত এচি ২-টায়াৰ, এচি ৩-টায়াৰ আৰু স্লীপাৰ শ্ৰেণীৰ ডবা থাকিব। সেই অনুসৰি ০৫৬৩৬ গুৱাহাটী – শ্রী গংগানগৰ বিশেষ ৰেলখন পহিলা মে’ৰ পৰা ২৬ জুনলৈ প্রতি বুধবাৰে সন্ধিয়া ৬:১৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে পুৱতি নিশা ৩:৩০ বজাত স্ত্রী গংগানগৰ ৰেল ষ্টেচন পাব। তেনেদৰে ০৫৬৩৫ শ্রী গংগানগৰ – গুৱাহাটী বিশেষ ৰেলখন ৫ মে’ৰ পৰা ৩০ জুনলৈ শ্রী গংগানগৰৰ পৰা প্ৰতি দেওবাৰে বিয়লি ১:২০ বজাত যাত্ৰা আৰম্ভ কৰি বুধবাৰে মাজনিশা ১২:২৫ বজাত আহি গুৱাহাটী ৰেল ষ্টেচন পাব।
আনহাতে ০৫৯৫২ নিউ তিনিচুকীয়া – এছএমভিটি বেংগালুৰু বিশেষ ৰেলখন ২ মে’ৰ পৰা ২৭ জুনলৈ সন্ধিয়া ৬:৪৫ বজাত নিউ তিনিচুকীয়াৰ পৰা প্ৰতি বৃহস্পতিবাৰে যাত্ৰা আৰম্ভ কৰি দেওবাৰে পূৱা ৯ বজাত আহি এছএমভিটি বেংগালুৰু ৰেল ষ্টেচন পাব। তেনেদৰে ০৫৯৫১ এছএমভিটি – বেংগালুৰু নিউ তিনিচুকীয়া বিশেষ ৰেলখন ৬ মে’ৰ পৰা পহিলা জুলাইলৈ প্রতি সোমবাৰে মাজনিশা ১২:৩০ বজাত এছএমভিটি বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে বিয়লি ১:১৫ বজাত আহি নিউ তিনিচুকীয়া ৰেল ষ্টেচন পাব। ইফালে এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন সংবাদপত্র আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফর্মটো প্ৰকাশ কৰা হৈছে বুলি মুখ্য সম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিছে।