তামুলপুৰ জিলাৰ ভোলাজাৰ পশ্চিম উপৰখূটি গাঁৱৰ শিৱ মন্দিৰত সদৌ অসম মন্দিৰ উন্নয়ন, সুৰক্ষা সমিতি আৰু ভানুজ্যোতি কীৰ্ত্তন সংঘৰ উদ্যোগত ২৮ এপ্ৰিলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত নেপালী সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলটোত অৱস্থিত শিৱ মন্দিৰটো ভাগি পুনৰ নিৰ্মাণ কৰা সন্দৰ্ভত বিশদ আলোচনা কৰা হয়।
সভাত অসম চৰকাৰৰ প্ৰতিনিধিৰ হিচাপে বিদ্যুৎ বৰুৱা উপস্থিত থাকে। সভাত বিদ্যুৎ বৰুৱাই শিৱ মন্দিৰ উন্নয়নৰ বাবে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে সভাত মন্দিৰ উন্নয়ন, সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি সুবল বৰ্মন, সম্পাদক পৰেশ বৰ্মন, মন্দিৰ নিৰ্মাণ সমিতিৰ অনিল প্ৰধানকে ধৰি কেবাজনো বিষয়ববীয়া উপস্থিত থাকে।