ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীসকলৰ শৈক্ষিক দিশত কাম কৰি অহা আগশাৰীৰ বেচৰকাৰী সংগঠন মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ কামৰূপ শাখাৰ ক্লাষ্টাৰ মেনেজাৰ হিৰণ্য বৈৰাগী আৰু জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা চুমি কলিতাই যোৱাকালি ৫ আগষ্ট তাৰিখে কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীক সাক্ষাৎ কৰে । এক সৌহাদ্যপূৰ্ণ পৰিৱেশত মেজিক বাছৰ হিৰণ্য বৈৰাগী আৰু চুমী কলিতাৰ সৈতে আয়ুক্তগৰাকীয়ে ছাত্ৰ- ছাত্ৰীসকলক লিখন কৌশল আৰু গণিত বিষয়ত কিদৰে গুণগত শিক্ষা দিব পৰা যায় সেই সম্পৰ্কে আলোচনাৰ অন্তত বিভিন্ন ধৰনৰ উপদেশ দিয়ে। লগতে মেজিক বাছৰ তৰফৰ পৰা কমৰূপ জিলাৰ আয়ুক্ত কাৰ্যলয়ত আয়ুক্তগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখ্য যে, উক্ত বেচৰকাৰী সংগঠনটোৱে বানপানীৰ সময়ত পলাশবাৰীৰ শিবিৰত থকা ৪০টা শিশুক বানপানীৰ দুখ-দুদর্শাৰ মাজতো তেওঁলোকৰ মানসিক উৎকর্ষ সাধনৰ বাবে খেল- ধেমালিৰ মাধ্যমেৰে ব্যস্ত কৰি ৰাখি আহিছে।