গুৱাহাটীঃ আজি কিছু দিনৰ পৰা একাংশ সংবাদ মাধ্যমত প্ৰকাশিত ডাঃ সত্যকাম ফুকনৰ অভিযোগক খণ্ডন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ডাঃ সত্যকাম ফুকনে ক’ভিড-১৯ ৰোগবিধ ভুৱা বুলি চিবিআইৰ ওচৰত দাখিল কৰা অভিযোগ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওলোটাই সাংবাদিকসকলৰ ওপৰতহে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে৷ তেওঁ আনকি চিকিৎসক সত্যকাম ফুকনকো মানসিক বিকাৰগ্ৰস্ত বুলি কৌশলগতভাৱে মন্তব্য কৰে৷
সমগ্র দেশৰ লগতে ৰাজ্যত ত্রাসৰ সৃষ্টি কৰা ক’ভিড-১৯ৰ গণ সংক্রমণ দিনকদিনে বৃদ্ধি পোৱাত চিকিৎসালয়ৰ অভাৱ ঘটাত আজি স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই দক্ষিণ কামৰূপৰ বৰকুছিস্থিত পতঞ্জলি যোগপীঠ কেন্দ্রটোক কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা ২৫০গৰাকী ক’ৰোনা আক্রান্ত ৰোগী ৰাখি চিকিৎসা কৰিব পৰাৰ ব্যৱস্থাৰে ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰি এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ কিছুমান সংবাদ মাধ্যমে অসমৰ মানুহৰ মৃতদেহ বিচাৰি ফুৰি ক’ৰোনাৰ অপপ্রচাৰত লিপ্ত হৈ নিকৃষ্ট কাম কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷