গুৱাহাটীঃ দিনক দিনে গুৱাহাটীত ক’ৰোনা সংক্ৰমণৰ পৰিস্থিতি অধিক জটিল হৈ আহিছে৷ গুৱাহাটীৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰো৷ গুৱাহাটীত গণ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশেষ নিৰ্দেশনা প্ৰদান কৰিবলগীয়া হৈছে৷
বহুলোকে পৰীক্ষণৰ বাবে নমুনা প্ৰদান কৰি ফলাফল লাভ নকৰা পৰ্যন্ত ৰাজহুৱা স্থানত ঘূৰি ফুৰাৰ বাবেও সংক্ৰমণ বৃদ্ধি হৈছে বুলি মন্ত্ৰী হিমন্ত বিশ্বই শৰ্মাই প্ৰকাশ কৰে৷ কালিৰ দিনটোতে গুৱাহাটীত সৰ্বাধিত ৩৮২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷
বৰ্ধিত সংক্ৰমণ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটীত লকডাউনৰ ঘোষণা কৰিছে৷ মহানগৰীখনৰ সংক্ৰমণৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰো৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টেলিফোনেৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে বাৰ্তালাপ কৰে৷ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে লকডাউন সঠিকভাৱে সকলোৱে মানি চলিলে ১২ জুলাইৰ পাছত গুৱাহাটীৰ পৰিস্থিতি বহু নিয়ন্ত্রণ হ’ব বুলি আশা প্রকাশ কৰে৷
যোৱা ২৪ জুনৰ পৰা গুৱাহাটীত হোৱা ১০ হাজাৰ পৰীক্ষাত ১২১২জন লোক ক’ৰোনা পজিটিভ ওলোৱা বুলি তেওঁ কয়৷ গুৱাহাটীত কালিৰ পৰা মজলীয়া সংক্রমণ আৰম্ভ হোৱা বুলি সদৰী কৰি মন্ত্রীজনে ইয়াৰ পাছত আক্রমণাত্মক চিকিৎসাৰ কথা আহে বুলি কয়৷ এই পৰিস্থিতিত প্রতিজন লোককে অধিক সতর্ক হৈ থাকিবলৈও তেওঁ আহবান জনায়৷