গুৱাহাটীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড পৰীক্ষাগাৰৰ মুৰব্বীসহ ১০জন চিকিৎসক-স্বাস্থ্যকৰ্মী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই চিকিৎসালয় চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তাৰোপৰি চিকিৎসা মহাবিদ্যালয়খনৰ পঞ্চম মহলাত থকা ভাইৰ’ল’জী বিভাগটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে৷
পৰীক্ষাগাৰটোৰ তত্বাৱধায়কৰ লগতে কৰ্মচাৰীও ক’ৰোনাৰ সংস্পৰ্শলৈ অহাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে কৰ্তৃপক্ষই ভাইৰ’ল’জী বিভাগটো সাময়িকভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
মাইক্ৰ’বায়’লজী বিভাগৰ মুৰব্বী চিকিৎসকগৰাকী নিজেই ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ক’ভিড পৰীক্ষাৰ কাম-কাজৰ গতি লেহেমীয়া হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছে৷