গুৱাহাটীঃ ক’ৰোনাক প্ৰতিৰোধ কৰিবলৈ গুৱাহাটীত শেহতীয়াকৈ বলৱৎ কৰা লকডাউনত কিছু শিথিলতা প্ৰদান কৰা হৈছে৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা নিৰ্দেশনা অনুসৰি গেলামালৰ পাইকাৰী ব্যৱসায়ীসকলে ১০ জুলাইত অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিব পাৰিব আৰু পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সামগ্ৰীসমূহ মজুত কৰিব পাৰিব৷
তাৰোপৰি খুচুৰা ব্যৱসায়ীসকলে ১১ জুলাইৰ দিনা অত্যাৱশ্যকীয় সামগ্ৰী নিজৰ দোকানত মজুত কৰিব পাৰিব৷ গেলামালৰ দোকানসমূহ ১১ জুলাইলৈ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে৷ তেওঁলোকে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দোকানসমূহ খোলা ৰাখিব পাৰিব৷
১১ জুলাইত ফলমূল-শাক পাচলিৰ দোকানসমূহ খোলা ৰাখিব পাৰিব৷ অৱশ্যে পদপথত শাক-পাচলি, ফলমূল, মাছ-মাংস বিক্ৰী আদি বন্ধ থাকিব৷
ইয়াৰ জৰিয়তে লকডাউন বৃদ্ধি হোৱাৰ ইংগিত পৰিলক্ষিত হৈছে বুলি সচেতন মহলে ব্যক্ত কৰিছে৷
চিত্ৰৰ উৎসঃ The Hindu