নিউজ ডেস্কঃ বৃহস্পতিবাৰে অৰ্থাৎ ৯ জুলাই ২০২০ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত ৬০,৫০০ত কৈও অধিক লোকে ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে৷ এদিনতে ইমান সংখ্যক লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে ই এক প্ৰকাৰে অভিলেখৰ সৃষ্টি কৰিছে৷
এই সন্দৰ্ভত মায়ামিৰ জেকছন ছাউথ মেডিকেল চেণ্টাৰৰ আইচিইউ মেডিকেল সঞ্চালক ড০ এণ্ড্ৰিউ পেষ্টৱস্কিয়ে কয় যে স্বাৰ্থপৰতা (মাস্ক পৰিধান নকৰা) বনাম মোৰ কৰ্মচাৰী দলৰ স্বাৰ্থপৰবিহীনতাৰ মাজৰ যুদ্ধই সকলোৰে ক্ষতি কৰিছে৷ আৰু মইও তেওঁলোকৰ কাৰোবাৰ কাৰণেই ক’ভিডত আক্ৰান্ত হৈছো৷
যোৱা বৃহস্পতিবাৰে ফ্ল’ৰিডাত প্ৰায় ৯০০০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১২০ জন লোকৰ মৃত্যুও ঘটিছে৷ গভৰ্ণৰ ৰন ডিছেণ্টিছে জনসাধাৰণক বিতত নহ’বলৈ আহ্বান জনাইছে৷
উল্লেখ্য, ফ্ল’ৰিডাই চিকিৎসাধীন হোৱা ক’ভিড ৰোগীৰ সংখ্যা প্ৰকাশ নকৰে৷ কিন্তু এই সপ্তাহটোৰ আৰম্ভণিতে ফ্ল’ৰিডাৰ কিছুমান চিকিৎসালয়ে তেওঁলোকৰ ইনটেনছিভ কেয়াৰ ইউনিটৰ ৰোগীৰ পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে৷
উৎসঃ ৰয়টাৰ
চিত্ৰঃ ইণ্টাৰনেট