গুৱাহাটীঃ ধূপ-চাকি লৈ বন মন্ত্ৰীয়ে আৰম্ভ কৰিছে নতুন নাটক৷ ভুগিছে কাজিৰঙা, ভুগিছে মানাহ৷ বানত ককবকাইছে জীৱকূলে৷ কিন্তু বন মন্ত্ৰী শুক্ল বৈদ্যৰ নতুন নাটক৷ অসম ৰাজ্যিক চিৰিয়াখানাত কিন্তু বাজিছে উৰুলি৷ চলিছে পূজা-অৰ্চনা৷ চিৰিয়াখানাৰ নতুন জন্তুক আদৰিবলৈ এই নাটক৷ ‘বাবা, তুমি ক’ৰ পৰা আহিছা? বাবা, তোমাৰ ঘৰ ক’ত?’- পিঞ্জৰাত বন্দী হৈ থাকা জন্তুকেইটাইক এই প্ৰশ্ন বন মন্ত্ৰীৰ৷
বানৰ কবলত পৰি ইতিমধ্যেই ১৪২টা বন্য প্ৰাণীৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত ১৪টা এশিঙীয়া গঁড়ো আছে৷
কাজিৰঙাত বানৰ কবলত পৰা জন্তুকেইটাৰ বাবে কি ব্যৱস্থা লৈছে বুলি সোধা সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে এই পৰ্যন্ত কাজিৰঙাত সাহায্য দিয়াৰ পৰ্যায় আহি পৰা নাই বুলি মূৰ পোলোকা দিয়া উত্তৰ প্ৰদান কৰে৷