গুৱাহাটীঃ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাজ্যত আনলক-৩ আৰম্ভ হ’ব৷ অসম চৰকাৰে লকডাউ বহু পৰিমাণে শিথিল কৰি দিয়াৰ পৰিপ্রেক্ষিতত ২৪ মার্চৰ পাছত ৰাজ্যত পুনৰ একপ্রকাৰে স্বাভাৱিক জীৱনযাত্রা আৰম্ভ হ’ব৷
এই পৰিপ্রেক্ষিতত ৰাজ্যত আজিৰে পৰা অহা ৩১ আগষ্ট পর্যন্ত লকডাউনৰ বাধ্য-বাধকতা বহু পৰিমাণে শিথিল কৰি দিছে৷ কাইলৈৰ পৰা ৰাজ্যত সপ্তাহৰ মাত্র শনি আৰু দেওবাৰেহে সাপ্তাহিক লকডাউন থাকিব৷ বাকী পাঁচ দিনৰ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ সম্পূর্ণ খোলা থাকিব৷ এই সময়ছোৱাত নির্দিষ্ট কিছু বাধ্য-বাধকতাৰ বাহিৰে সকলো দোকান-পোহাৰ খোলাৰ অনুমতি দিয়া হৈছে৷ আনহাতে পূর্বে থকা পথৰ এটা দিশত দোকান-পোহাৰ খোলাৰ নিয়মো প্রত্যাহাৰ কৰি পথৰ দুয়োদিশৰ দোকান একেলগে খোলাৰ অনুমতি দিয়া হৈছে৷
আনহাতে পূর্বে সপ্তাহৰ মাত্র দুটা দিনহে আন্তঃজিলা যাতায়াতৰ নিয়ম প্রত্যাহাৰ কৰি আজিৰে পৰা সপ্তাহৰ পাঁচ দিনেই আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়া হৈছে৷ লগতে গুৱাহাটীত চিটি বাছৰ চলাচলৰ অনুমতি দিয়া হৈছে৷ অৱশ্যে ৰাজহুৱা পৰিবহণৰ সময়ত ৫০ শতাংশ যাত্রীৰে সামাজিক দূৰত্ব আৰু কৰ’নাৰ অন্য নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে৷ আনহাতে প্রতিদিনে নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন অব্যাহত থাকিব৷
ইফালে লকডাউনৰ শিথিলতা বৃদ্ধি কৰিলেও সামাজিক, ৰাজনৈতিক, ক্রীড়া, বিনোদন, ধর্মীয় সমাৱেশত এতিয়াও বাধ্য-বাধকতা অব্যাহত ৰখা হৈছে৷ একেদৰে চিনেমা হল, ছুইমিং পুল, জীম, বিনোদন পার্ক, থিয়েটাৰ, প্রেক্ষাগৃহ আদি বন্ধ থকাৰ লগতে জনসমাৱেশত নিষিদ্ধতা অব্যাহত ৰখা হৈছে৷