নিউজ ডেস্কঃ মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ সাধাৰণতে এই সময়ছোৱা উৎসৱৰ সময় হয়, ঠায়ে ঠায়ে মেলা, ধাৰ্মিক পুজা হয়৷ ক’ৰোনাৰ এই সংকটৰ সময়ছোৱাত জনসাধাৰণত মনত উৎসাহ-উদ্দীপনাৰ লগতে অনুশাসনেও ঠাই পাইছে৷ আন অৰ্থত ক’বলৈ গ’লে নাগৰিকৰ মনত দায়িত্বৰ অনুভৱো আছে৷ জনসাধাৰণে নিজৰ প্ৰতি ধ্যান ৰাখি, আনৰ প্ৰতি ধ্যান ৰাখি দৈনন্দিন কৰ্মসমূহ সম্পাদন কৰিছে৷ দেশত অনুষ্ঠিত হোৱা প্ৰতিটো আয়োজন যি সংযম আৰু সমন্বয়ৰ সৈতে সম্পন্ন হৈছে সেয়া সঁচাকৈয়ে অভুতপূৰ্ব৷ গণেশোৎসৱো কিছু কিছু স্থানত অনলাইনত পালন কৰা হৈছে৷ অধিকাংশ স্থানতে এইবাৰ পৰিবেশ অনুকূল গণেশজীৰ প্ৰতিমা স্থাপন কৰা হৈছে৷ বন্ধুসকল, আমি যদি গুৰুত্ব সহকাৰে লক্ষ্য কৰো তেন্তে এটা কথা নিশ্চয় আমাৰ চকুত পৰিব, সেয়া হ’ল আমাৰ উৎসৱ আৰু পৰিবেশ৷ এই দুয়োটাৰ মাজৰ সম্পৰ্ক গভীৰ৷ আমাৰ উৎসৱসমূহত পৰিবেশ আৰু প্ৰকৃতিৰ সৈতে সহজীৱনৰ বাৰ্তা লুকাই থকাৰ বিপৰীতে আনফালে বহু উৎসৱ প্ৰকৃতিৰ সুৰক্ষাৰ বাবেও পালন কৰা হয়৷ যিদৰে বিহাৰৰ পশ্চিম চম্পাৰণত শতিকাজুৰি থাৰু আদিবাসী সমাজৰ লোকে ৬০ ঘণ্টাৰ লকডাউন অথবা তেওঁলোকৰ ভাষাত ’৬০ ঘণ্টা কে বৰনা’ পালন কৰে৷ প্ৰকৃতিৰ ৰক্ষাৰ বাবে ‘বৰনা’ক থাৰু সমাজৰ লোকে নিজৰ পৰম্পৰাৰ অংশ কৰি লৈছে আৰু ইয়াক শতিকাজুৰি পালন কৰি আহিছে৷ এই সময়ছোৱাত না কোনো গাঁৱলৈ আহে আৰু না কোনোবাই নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলায় আৰু জনসাধাৰণে এইদৰে ভাবে যে বাহিৰলৈ অহা-যোৱা কৰিলে আৰু দৈনন্দিন কৰ্মৰ দ্বাৰা নতুন পুলি-পোখাই কষ্ট পাব পাৰে৷ ‘বৰনা’ৰ আৰম্ভণি ভব্য ধৰণে আমাৰ আদিবাসী ভাই-ভনীসকলে পুজা-পাঠৰ জৰিয়তে আৰম্ভ কৰে আৰু ইয়াৰ সমাপ্তিত আদিবাসী পৰম্পৰাৰ গীত, সংগীত, নৃত্যও কৰে৷
বন্ধুসকল, এতিয়া ওনাম উৎসৱো ধুম-ধামেৰে পালন কৰা হৈছে৷ এই পৰ্ব চিনগম মাহত পালন কৰা হয়৷ এই সময়ছোৱাত মানুহে নতুন সামগ্ৰী ক্ৰয় কৰে, নিজৰ ঘৰ সজায়, পুক্কলম বনায়, ওনাম-সদিয়াৰ আনন্দ লয়, ভিন্ন-ভিন্ন ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰে৷ ওনাম বিদেশতো পালন কৰা হয়৷ আমেৰিকা, ইউৰোপ আদি সকলোতে ওনামৰ আনন্দ পালন কৰা হয়৷ ওনাম এক আন্তৰ্জাতিক উৎসৱলৈ পৰিৱৰ্তিত হৈছে৷
বন্ধুসকল, ওনাম আমাৰ কৃষিৰ সৈতে জড়িত এক উৎসৱ৷ ই আমাৰ গ্ৰামীণ অৰ্থব্যৱস্থাৰ বাবে এক নতুন আৰম্ভণিৰ সময়৷ কৃষকৰ শক্তিৰ পৰা আমাৰ জীৱন, আমাৰ সমাজ পৰিচালিত হয়৷ আমাৰ পৰ্ব কৃষকৰ পৰিশ্ৰমৰ দ্বাৰাই ৰঙীয়াল হৈ উঠে৷ আমাৰ অন্নদাতাৰ, কৃষকৰ জীৱনদায়িনী শক্তিক বেদতো গৌৰৱেৰে উল্লেখ কৰা হৈছে৷
ঋগবেদত কোৱা হৈছে-
অন্নানাঃ পতয়ে নমঃ ক্ষেত্ৰানাম পতয়ে নমঃ৷৷
অৰ্থাৎ, অন্নদাতাক প্ৰণাম, কৃষকক প্ৰণাম৷ আমাৰ কৃষকসকলে ক’ৰোনাই এই কঠিন পৰিস্থিতিতো নিজৰ শক্তি প্ৰদৰ্শন কৰিছে৷ আমাৰ দেশত এইবাৰ খাৰিফ ফচল চপোৱাৰ পৰিমাণ যোৱা বছৰৰ তুলনাত ৭ শতাংশ অধিক হৈছে৷ ধান এইবাৰ প্ৰায় ১০ শতাংশ, দাইল প্ৰায় ৫ শতাংশ, গোটা শস্য প্ৰায় ৩ শতাংশ, তৈলবীজ প্ৰায় ১৩ শতাংশ, কপাহ প্ৰায় ৩ শতাংশ ৰোপণ কৰা হৈছে৷ মই ইয়াৰ বাবে কৃষকসকলক অভিনন্দন জনাইছো, তেওঁলোকৰ পৰিশ্ৰমক নমস্কাৰ জনাইছো৷
মোৰ মৰমৰ দেশবাসীসকল, ক’ৰোনাৰ এই সময়ছোৱাত দেশবাসীয়ে বিভিন্ন একে সময়তে বিভিন্ন যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছে৷ কিন্তু ইয়াৰ সৈতে বহু সময়ত মোৰ মনলৈ এটা প্ৰশ্ন আহে যে দীৰ্ঘদিন ধৰি ঘৰতে থকাৰ বাবে মোৰ সৰু-সৰু শিশু বন্ধুসকলৰ ওপৰত কেনে প্ৰভাৱ পৰিছে৷ আৰু ইয়াৰে পৰা মই গান্ধীনগৰৰ শিশু বিশ্ববিদ্যালয় যি বিশ্বৰ ভিতৰতে অনন্য, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয়, সুক্ষ্ম-লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়, এই সকলোৰে সৈতে লগ হৈ আমাৰ শিশুসকলৰ বাবে কি কৰিব পাৰি, সেই বিষয়ত চিন্তা চৰ্চা কৰিলো, মন্থন কৰিলো৷ মোৰ বাবেও এয়া অতিশয় সুখদ সময় আছিল, লাভদায়ক আছিল কিয়নো ইয়াৰ জৰিয়তে মইও নতুন কথা এটা শিকিলো, নতুন কথা জনাৰ অৱকাশ লাভ কৰিলো৷
বন্ধুসকল, আমাৰ মন্থনৰ বিষয় আছিল- খেলা সামগ্ৰী আৰু বিশেষকৈ ভাৰতীয় খেলা-সামগ্ৰী৷ আমাৰ এই কথাৰ ওপৰত চিন্তা-চৰ্চা কৰিলো যে ভাৰতৰ শিশুসকলে কিদৰে নতুন নতুন খেলা-সামগ্ৰী লাভ কৰিব পাৰিব, ভাৰত খেলা-সামগ্ৰী উৎপাদনৰ কিদৰে এক কেন্দ্ৰস্থললৈ পৰিৱৰ্তিত হ’ব৷ অৱশ্যে মই ‘মন কী বাত’ শুনি থকা শিশুসকলক পিতৃ-মাতৃৰ পৰা ক্ষমা বিচাৰিছো কিয়নো তেওঁলোকে ‘মন কী বাত’ শুনাৰ পিছত খেলা-সামগ্ৰীৰ নতুন নতুন আবদাৰ শুনিবলগীয়া হ’ব পাৰে৷
বন্ধুসকল, খেলা-সামগ্ৰীয়ে কৰ্মতৎপৰতা বৃদ্ধি কৰাৰ লগতে আমাৰ আকাংক্ষাকো ডেউকা প্ৰদান কৰে৷ খেলা-সামগ্ৰীয়ে কেৱল মন আনন্দিত কৰাই হয়, লক্ষ্যও নিৰ্ধাৰিত কৰে৷ মই ক’ৰবাত পঢ়িবলৈ পাইছিলো যে খেলা-সামগ্ৰী সন্দৰ্ভত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল যে শ্ৰেষ্ঠতম খেলা-সামগ্ৰী সেইটোৱেই যি অসম্পূৰ্ণ হয়৷ এনে খেলা-সামগ্ৰী যি আধৰুৱা আৰু শিশুসকলে মিলি খেলৰ মাজেৰে ইয়াক পূৰণ কৰে৷ গুৰুদেৱ ঠাকুৰে কৈছিল যে যেতিয়া তেওঁ সৰু আছিল তেতিয়া নিজৰ কল্পনাৰ জৰিয়তে ঘৰতে পোৱা সামগ্ৰীৰ দ্বাৰা নিজৰ বন্ধুবৰ্গৰ সৈতে খেলা-সামগ্ৰী নিৰ্মাণ কৰিছিল৷ কিন্তু এদিন সেই হাঁহি-ফুৰ্তিৰ শৈশৱত ডাঙৰে দখল দিয়া আৰম্ভ কৰিলে৷ শেষত হ’ল কি, তেওঁৰ এজন বন্ধুয়ে এটা সুন্দৰ বিদেশী খেলা-সামগ্ৰী লৈ আহিল৷ সকলোৰে ধ্যান এতিয়া সেই খেলা-সামগ্ৰীটোতেই নিৱদ্ধ হ’ল৷ সকলোৰে আকৰ্ষণ খেলত নহয়, সেই খেলা-সামগ্ৰীটোৰ ওপৰত হে বৃদ্ধি হ’ল৷ যিটো শিশুৱে কালি সকলোৰে সৈতে খেলিছিল, সকলোৰে সৈতে আছিল, খেলত মগ্ন হৈ পৰিছিল, এতিয়া তেওঁ দূৰে-দূৰে থাকিবলৈ ল’লে৷ একধৰণে অন্য শিশুৰ সৈতে সেই শিশুটো পৃথকে থাকিবলৈ ল’লে৷ দামী খেলা-সামগ্ৰীটোত বনাবলৈ একো নাছিল, শিকিবলৈও একো নাছিল৷ অৰ্থাৎ এক আকৰ্ষণীয় খেলা-সামগ্ৰীয়ে এক উৎকৃষ্ট শিশুক ক’ৰবাত যেন চেপি ধৰিলে, মোহাৰি পেলালে৷ এই খেলা-সামগ্ৰীটোৱে ধন-সম্পত্তিৰ উচ্চাত্মিকা প্ৰদৰ্শন কৰিলে কিন্তু সেই শিশুটিৰ সৃজনীসূলভ মানসিকতাৰ সংবেদন যেন ঢাকি পেলালে৷ খেলা-সামগ্ৰী আহি গ’ল কিন্তু খেল শেষ হৈ গ’ল আৰু শিশুটিৰ ফূৰ্তিও যেন হেৰাই গ’ল৷ সেইবাবে গুৰুদেৱে কৈছিল যে খেলা-সামগ্ৰী এনে হ’ব লাগে যি শিশুটিৰ শৈশৱ উজ্জীৱিত কৰি তোলে, তেওঁলোকৰ সৃজনীশীলতা প্ৰকট কৰি তোলে৷ শিশুৰ জীৱনৰ ভিন্ন-ভিন্ন পৰ্যায়ত খেলা-সামগ্ৰীৰ যি প্ৰভাৱ পৰিলক্ষিত হয়, তাৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ খেলাৰ মাজেৰে শিকা, খেলা-সামগ্ৰী বনোৱা শিকা, খেলা-সামগ্ৰী য’ত প্ৰস্তুত কৰা হয় সেই স্থান পৰিদৰ্শন কৰা, এই সকলোবোৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে৷
বন্ধুসকল, আমাৰ দেশত থলুৱা খেলা-সামগ্ৰীৰ এক সমৃদ্ধ পৰম্পৰা আছে৷ বহু প্ৰতিভাশালী আৰু কুশল কাৰিকৰ আছে যিয়ে খেলা-সামগ্ৰী অতি নিপুণভাৱে প্ৰস্তুত কৰে৷ ভাৰতৰ কিছুমান স্থান পুতলা ক্লাষ্টাৰ অৰ্থাৎ খেলা-সামগ্ৰী কেন্দ্ৰৰ ৰূপত বিকশিত হ’বলৈ ধৰিছে৷ যেনে কৰ্ণাটকৰ ৰাম নগৰমত চন্নাপাটনা, অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাত কোণ্ডাপল্লী, তামিলনাডুৰ তঞ্জোৰ, অসমৰ ধুবুৰী, উত্তৰ প্ৰদেশৰ বাৰাণসী- এনে বহু স্থান আছে যাৰ নাম উল্লেখ কৰিব পাৰি৷ আপোনালোকে এয়া জানি আচৰিত হ’ব যে বিশ্ব পুতলা উদ্যোগৰ মূল্য ৭ লাখ কোটি টকাতকৈও অধিক৷ ৭ লাখ কোটি টকাৰ ইমান ডাঙৰ ব্যৱসায় কিন্তু ভাৰতত তাতে অংশীদাৰীত্ব অতিশয় কম৷ এতিয়া আপুনি চিন্তা কৰক, এনে এখনৰ দেশৰ ঐতিহ্য যি ইমান মহান, মহান পৰম্পৰা, বৈচিত্ৰতা, বিশাল যুব আবাদী, তেনে এখন দেশৰ খেলা-সামগ্ৰীৰ বজাৰত অংশীদাৰীত্ব ইমান কম, এয়া ভাল কথা নে? নিশ্চয় নহয়, এয়া শুনি আপোনাৰো ভাল নালাগিব৷ চাওক বন্ধুসকল, পুতলাৰ উদ্যোগ এক বিশাল উদ্যোগ৷ গৃহ উদ্যোগেই হওক, ক্ষুদ্ৰ আৰু লঘূ উদ্যোগেই হওক, এমএছএমইয়েই হওক, বৃহৎ উদ্যোগ আৰু ব্যক্তিগত উদ্যমীও ইয়াৰ অন্তৰ্ভুক্ত হয়৷ ইয়াক আগুৱাই লৈ যোৱাৰ বাবে দেশবাসীয়ে মিলি পৰিশ্ৰম কৰিব লাগিব৷ যিদৰে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ শ্ৰী চি বি ৰাজুৱে কৰিছে৷ তেওঁৰ গাঁৱত এতি-কোপ্পকা পুতলা এসময়ত অশেষ জনপ্ৰিয় আছিল৷ ইয়াৰ বিশেষত্ব এয়াই যে এই খেলা-সামগ্ৰীবিধ কাঠেৰে নিৰ্মাণ কৰা হয় আৰু দ্বিতীয় কথাটো এয়েই যে এই খেলা-সামগ্ৰীবিধত আপুনি ক’তো কোণ বা এংগল (Angle) বিচাৰি নাপাব৷ এই খেলা-সামগ্ৰীবিধ চাৰিও ফালৰ পৰা ঘূৰণীয়া আৰু সেয়ে শিশুসকলেও আঘাত পোৱাৰ কোনো সম্ভাৱনা নাথাকে৷ চি বি ৰাজুৱে এতি-কোপ্পকা পুতলাৰ বাবে এতিয়া নিজৰ গাঁৱৰ কাৰিকৰসকলৰ সৈতে লগ হৈ এক আন্দোলনৰ সূচনা কৰিছে৷ উন্নতমানৰ এতি-কোপ্পকা পুতলা নিৰ্মাণ কৰি চি বি ৰাজুৱে থলুৱা খেলা-সামগ্ৰীৰ হেৰাই যোৱা গৰিমা ঘূৰাই আনিছে৷ খেলা-সামগ্ৰীৰ সৈতে আমি দুটা কাম কৰিব পাৰো- নিজৰ গৌৰৱশালী অতীতক নিজৰ জীৱনলৈ পুনৰ ঘূৰাই আনিব পাৰো আৰু নিজৰ স্বৰ্ণিম ভৱিষ্যতো গঢ়িব পাৰো৷ মই আমাৰ ষ্টাৰ্ট-আপ মিত্ৰসকলক, আমাৰ নতুন উদ্যমীসকলক কও- পুতলাৰ বাবে ঐক্যৱদ্ধ হওক…আহক, সকলোৱে মিলি খেলা-সামগ্ৰী নিৰ্মাণ কৰো৷ এতিয়া সকলোৰে বাবে, থলুৱা খেলা-সামগ্ৰীৰ বাবে মাত-মতাৰ সময়৷ আহত, আমাৰ তৰুণসকলৰ বাবে নতুন ধৰণে, উন্নত গুণগতমানৰ খেলা-সামগ্ৰী প্ৰস্তুত কৰো৷ এনেকুৱা খেলা-সামগ্ৰী যাৰ উপস্থিতিত শৈশৱো উজ্জীৱিত হওক আৰু উদ্ভাসিতও হওক৷ আমি এনেকুৱা খেলা-সামগ্ৰী প্ৰস্তুত কৰিব লাগিব যি পৰিবেশ অনুকূলো হয়৷
বন্ধুসকল, সেইদৰে এতিয়া কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ এই যুগত কম্পিউটাৰ গেমছৰো চাহিদা অধিক হৈছে৷ এই গেমবোৰ শিশুৱেও খেলে আৰু ডাঙৰেও খেলে৷ কিন্তু এই গেমবোৰৰ বিষয়বস্তু অধিকাংশই বাহিৰৰ হয়৷ আমাৰ দেশত ইমান বিষয় আছে, ইমান উপলব্ধি আছে, এনে সমৃদ্ধ ইতিহাস আছে৷ আমি এইবোৰৰ ওপৰত গেম প্ৰস্তুত কৰিব নোৱাৰোনে? মই দেশৰ যুৱ প্ৰতিভাক কৈছো, আপোনালোকে ভাৰততো গেম নিৰ্মাণ কৰক আৰু ভাৰতৰ ওপৰতো গেম নিৰ্মাণ কৰক৷ এইদৰে কোৱাও হয়- Let the games begin ! তেন্তে আহক, খেল আৰম্ভ কৰো৷
বন্ধুসকল, আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ভাৰ্চুৱেল গেমেই হওক, পুতলাৰ ক্ষেত্ৰই হওক, সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আৰু এই অৱকাশৰো এতিয়া সৃষ্টি হৈছে৷ আজিৰ পৰা এশ বছৰ পূৰ্বে অসহযোগ আন্দোলন আৰম্ভ হৈছিল, তেতিয়া গান্ধীজীয়ে লিখিছিল- ‘অসহযোগ আন্দোলন, দেশবাসীৰ আত্মসন্মান আৰু নিজৰ শক্তি বোধ কৰাৰ এক প্ৰয়াস৷’’
আজি যেতিয়া আমি দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়াস কৰিছো, আমি সম্পূৰ্ণ আত্মবিশ্বাসৰ সৈতে আগবাঢ়িব লাগিব, প্ৰতিটো ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব৷ অসহযোগ আন্দোলনৰ যি বীজ ৰোপণ কৰা হৈছিল,তাক আত্মনিৰ্ভৰ ভাৰতৰ বট বৃক্ষলৈ পৰিৱৰ্তিত কৰাৰ দায়িত্ব আমাৰ সকলোৰে৷
মোৰ মৰমৰ দেশবাসীসকল, ভাৰতীয়সকলৰ উদ্ভাৱন আৰু সমাধান দিব পৰা ক্ষমতাক সকলোৱে স্বীকাৰ কৰিছে আৰু যেতিয়া সমৰ্পণৰ ভাৱ, সংবেদনাৰ ভাৱ প্ৰকট হয় তেতিয়া এই শক্তি অসীম হৈ পৰে৷ এই মাহৰ আৰম্ভণিতে দেশৰ যুৱচামৰ সন্মুখত এক এপ উদ্ভাৱন প্ৰত্যাহ্বান প্ৰস্তুত কৰা হৈছিল৷ এই আত্মনিৰ্ভৰ ভাৰত এপ উদ্ভাৱন প্ৰত্যাহ্বানত আমাৰ যুৱচামে দলে-বলে অংশগ্ৰহণ কৰিছিল৷ প্ৰায় ৭ হাজাৰে অংশগ্ৰহণ কৰিছিল৷ তাৰেও প্ৰায় দুই তৃতীয়াংশ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ আছিল৷ এয়া আত্মনিৰ্ভৰ ভাৰতৰ বাবে, দেশৰ ভৱিষ্যতৰ বাবে অতিশয় শুভ সংকেত৷ আত্মনিৰ্ভৰ এপ উদ্ভাৱন প্ৰত্যাহ্বানৰ ফলাফল দেখি আপোনালোক নিশ্চয় আকৃষ্ট হ’ব৷ বহু পৰীক্ষা-নিৰীক্ষাৰ পিছত ভিন্ন-ভিন্ন শাখাত প্ৰায় দুই ডজন এপক বঁটা প্ৰদান কৰা হৈছে৷ আপোনালোকে নিশ্চয়কৈ এই এপসমূহৰ বিষয়ে জানি লওক আৰু ইয়াৰ সৈতে জড়িত হওক৷ হয়তোবা আপোনালোকৰ মাজৰ কোনোবাজনেও হয় এনে এপ প্ৰস্তুতিৰ বাবে অনুপ্ৰেৰিত হ’ব পাৰে৷ ইয়াৰে এটা এপ আছে, সেয়া হ’ল কুটুকী, শিশুৰ শিক্ষণ এপ৷ এয়া সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে এনে এক বাৰ্তা এপ য’ত গীত আৰু কাহিনীৰ জৰিয়তে কথাই-কথাই শিশুসকলে অংক আৰু বিজ্ঞানৰ বহু কথা শিকিব পাৰে৷ ইয়াত বিভিন্ন গতিবিধিও আছে, খেলো আছে৷ ঠিক সেইদৰে এক মাইক্ৰ’ ব্ল’গিং প্লেটফ’ৰ্মৰ এপ এটাও আছে৷ ইয়াৰ নাম হ’ল কু৷ ইয়াত আমি নিজৰ মাতৃভাষাত টেক্সট, ভিডিঅ’ আৰু অডিঅ’ৰ জৰিয়তে কথা পাতিব পাৰো৷ সেইদৰে চিংগাৰী এপো তৰুণ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠিছে৷ এটা এপ আছে- আস্ক চৰকাৰ৷ ইয়াত থকা চাট বটৰ জৰিয়তে আপুনি কথা পাতিব পাৰে আৰু যিকোনো চৰকাৰী যোজনাৰ বিষয়ে উপযুক্ত তথ্য লাভ কৰিব পাৰে৷ সেয়াও টেক্সট, অডিঅ’ আৰু ভিডিঅ’ এই তিনি ধৰণে লাভ কৰিব পাৰে৷ ই আপোনাৰ বাবে অতিশয় সহায়ক হ’ব পাৰে৷ আৰু এটা এপ আছে, ষ্টেপ ছেট গো৷ ই হ’ল এক ফিটনেছ এপ৷ আপুনি কিমান খোজ কাঢ়িলে, কিমান কেল’ৰী বাৰ্ণ কৰিলে, এই সকলোবোৰ হিচাপ এই এপটোৱে ৰাখে আৰু আপোনাক ফিট হৈ থাকিবলৈ অনুপ্ৰেৰিত কৰে৷ মই কেইটামান উদাহৰণ হে দিছো৷ এনেকুৱা বহু এপ আছে যিয়ে এই প্ৰত্যাহ্বানটোত বিজয় সিদ্ধ কৰিছে৷ বহু ব্যৱসায়িক এপ আছে, গেমৰ এপ আছে৷ যেনে ‘ইজ ইকুৱেল টু’, ‘বুকছ এণ্ড এক্সপেন্সেচ’ ‘জ’হ’’ ৱৰ্কপ্লেছ, এফটিচি টেলেণ্ট৷ আপোনালোকে এইসমূহৰ বিষয়ে ইণ্টাৰনেটত সন্ধান কৰিব পাৰে৷ আপোনালোকে আগবাঢ়ি আহক, উদ্ভাৱন কৰক, প্ৰণয়ন কৰক৷ আপোনালোকৰ প্ৰয়াস, আজিৰ সৰু-সৰু ষ্টাৰ্ট-আপ কাইলৈ বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হ’ব আৰু বিশ্বত ভাৰতৰ পৰিচয় দাঙি ধৰিব৷ আৰু আপোনালোকে নাপাহৰিব যে আজিৰ বিশ্বৰ যিমানবোৰ ডাঙৰ ডাঙৰ উদ্যোগ দেখা পাইছে, সেয়াও এটা সময়ত ষ্টাৰ্ট-আপেই আছিল৷
প্ৰিয় দেশবাসীসকল, আমাৰ ইয়াত শিশু, আমাৰ বিদ্যাৰ্থীয়ে যাতে নিজৰ সম্পূৰ্ণ ক্ষমতা প্ৰদৰ্শিত কৰিব পাৰে, নিজৰ সামৰ্থ প্ৰদৰ্শিত কৰিব পাৰে, তাৰবাবে পুষ্টিৰ ভূমিকাও অশেষ গুৰুত্বপূৰ্ণ হয়৷ সমগ্ৰ দেশতে ছেপ্টেম্বৰ মাহটো পোষণ মাহ-পুষ্টি মাহ হিচাপে পালন কৰা হ’ব৷ ৰাষ্ট্ৰ আৰু পুষ্টিৰ সম্পৰ্ক গভীৰ৷ আমাৰ ইয়াত কোৱা হয়- যথা অন্নম তথা মন্নম৷ অৰ্থাৎ অন্ন যেনেকুৱা হয় তেনেকুৱাই আমাৰ আমাৰ মানসিক আৰু বৌদ্ধিক বিকাশো হয়৷ বিশেষজ্ঞসকলে কয় যে শিশুক গৰ্ভাৱস্থাতেই যিমান পাৰি পুষ্টি প্ৰদান কৰিব লাগে৷ তেতিয়াহে শিশুটিৰ মানসিক বিকাশ হয় আৰু সুস্থ হয়৷ শিশুৰ পুষ্টিৰ বাবেও মাকেও যাতে সম্পূৰ্ণ পুষ্টি লাভ কৰিব পাৰে আৰু পুষ্টিৰ অৰ্থ কেৱল এয়াই নহয় যে আপুনি কি খাইছে, কিমান পৰিমাণৰ খাইছে আৰু কিমান বাৰ খাইছে৷ ইয়াৰ অৰ্থ হ’ল যে আপোনাৰ শৰীৰে কিমান প্ৰয়োজনীয় পুষ্টি লাভ কৰিছে৷ আপুনি আইৰণ, কেলচিয়াম লাভ কৰিছে নে নাই, ছ’ডিয়াম লাভ কৰিছে নে নাই, ভিটামিন লাভ কৰিছে নে নাই, এই সকলোবোৰ পুষ্টিৰ এক গুৰুত্বপূৰ্ণ দিশ৷ পুষ্টিৰ এই আন্দোলনত জনসাধাৰণৰ অংশগ্ৰহণো অতিশয় আৱশ্যক৷ জনসাধাৰণৰ অংশগ্ৰহণেহে ইয়াক সফল কৰি তুলিব পাৰে৷ বিগত কিছু বৰ্ষৰ পৰা এই দিশত যথেষ্ট প্ৰয়াস কৰা হৈছে৷ বিশেষকৈ আমাৰ গাঁওসমূহত ইয়াক জনসাধাৰণৰ অংশগ্ৰহণৰ দ্বাৰা জন আন্দোলনলৈ পৰিৱৰ্তিত কৰা হৈছে৷ পোষণ সপ্তাহেই হও বা পোষণ মাহেই হওক, ইয়াৰ জৰিয়তে অধিক সংখ্যক সজাগতা প্ৰদান কৰা হৈছে৷ বিদ্যালয়সমূহক জড়িত কৰোৱা হৈছে৷ শিশুৰ বাবে প্ৰতিযোগিতা হওক, তেওঁলোকৰ সজাগতা বৃদ্ধই হওক, ইয়াৰ বাবেও নিৰন্তৰে প্ৰয়াস কৰা হৈছে৷ যিদৰে শ্ৰেণী কোঠাত এজন মণিটৰ থাকে, ঠিক সেইদৰে পুষ্টি মণিটৰো হওক, প্ৰতিবেদন কাৰ্ডৰ দৰে পুষ্টি কাৰ্ডো হওক, এই ধৰণৰ কাম আৰম্ভ কৰা হৈছে৷ পোষণ মাহৰ সময়ছোৱাত মাই গভ প’ৰ্টেলত এক খাদ্য আৰু পুষ্টি কুইজো আৰম্ভ কৰা হ’ব৷ মীম প্ৰতিযোগিতাও হ’ব৷ আপোনালোকে নিজেও অংশগ্ৰহণ কৰক আৰু আনকো অনুপ্ৰেৰিত কৰক৷ বন্ধুসকল, যদি আপোনালোকে গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অব্ ইউনিটীলৈ যোৱাৰ সুবিধা লাভ কৰিছে, আৰু ক’ভিডৰ পিছত যেতিয়া ইয়াক মুকলি কৰা হ’ব তেতিয়া তাত এক অনন্য পুষ্টি উদ্যান দেখিবলৈ পাব৷ খেলৰ মাজেৰে পুষ্টিৰ শিক্ষা আনন্দ-প্ৰমোদৰ সৈতে তাত উপভোগ কৰিব পাৰিব৷
বন্ধুসকল, ভাৰত এক বিশাল দেশ, খোৱা-বোৱাৰ বিভিন্ন বৈচিত্ৰ বিদ্যমান৷ আমাৰ দেশত ছট ভিন্ন ঋতু আছে, বিভিন্ন ক্ষেত্ৰৰ জলবায়ু অনুসৰি ভিন্ন ভিন্ন শস্য উৎপাদন হয়৷ সেয়ে এয়া অতিশয় গুৰুত্বপূৰ্ণ যে প্ৰতিটো অঞ্চলৰ জলবায়ু সেই স্থানৰ স্থানীয় ভোজন আৰু তাত উৎপাদিত অন্ন, ফল, শাক-পাচলি অনুসৰি পোষক, পুষ্টিসমৃদ্ধ খাদ্যাভ্যাস গঢ়ি উঠক৷ এতিয়া যেনেকৈ মিলেট-গোটা শস্য-ৰাদী, জোৱাৰ, এয়া অতিশয় পুষ্টিদায়ক খাদ্য৷ এক ‘ভাৰতীয় কৃষি কোষ’ প্ৰস্তুত কৰা হৈছে, ইয়াত এখন জিলাত কি কি ফচলৰ উৎপাদন হয়, সেইসমূহৰ পুষ্টিগত মূল্য কেনে এই সকলোবোৰ তথ্য থাকিব৷ এয়া আপোনালোকৰ বাবে অতিশয় উপযোগী হ’ব পাৰে৷ আহক, পোষণ মাহত পুষ্টিদায়ক খাদ্য খোৱা আৰু সুস্থ হৈ থকাৰ বাবে সকলোকে অনুপ্ৰেৰিত কৰো৷
প্ৰিয় দেশবাসীসকল, কেইদিনমান পূৰ্বে যেতিয়া আমি আমাৰ স্বাধীনতা দিৱস পালন কৰি আছিলো তেতিয়া এক অতিশয় আমোদজক ঘটনালৈ মোৰ চকু গৈছিল৷ এই খবৰটো আছিল আমাৰ সুৰক্ষা বাহিনীৰ৷ এটা হ’ল সৌফী আৰু আনটো বিদা৷ সৌফী আৰু বিদা, ভাৰতীয় সেনাবাহিনীৰ গৌৰৱ, এনে কুকুৰ যাক চীফ অব্ আৰ্মী ষ্টাফ ‘কমেণ্ডেচন কাৰ্ডে’ৰে সন্মানিত কৰা হৈছে৷ সৌফি আৰু বিদাই এই সন্মান নিজৰ কৰ্তব্য পালন কৰাৰ বাবে লাভ কৰিছে৷ আমাৰ সেনা বাহিনীত, আমাৰ সুৰক্ষাবাহিনীত এনে কিমান বাহাদুৰ কুকুৰ আছে যিয়ে দেশৰ বাবে নিজৰ প্ৰাণো বলিদান দিছে৷ কিমান বোমা বিস্ফোৰণত, কিমান সন্ত্ৰাসবাদী আক্ৰমণত এনে কুকুৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ কিছুসময় পূৰ্বে মই দেশৰ সুৰক্ষাত নিয়োজিত কুকুৰৰ ভূমিকাৰ বিষয়ে বিশদভাৱে জনাৰ সুযোগ লাভ কৰিলো৷ বহু কাহিনী শুনিলো৷ বলৰাম নামৰ এটা কুকুৰে ২০০৬ চনত অমৰনাথ যাত্ৰাৰ পথত বৃহৎ মাত্ৰাত বোমা সন্ধান কৰি উলিয়াইছিল৷ ২০০২ চনত ভাৱনা নামৰ এটা কুকুৰে আইইডি সন্ধান কৰি উলিয়াইছিল৷ আইইডি উলিয়াই থকাৰ সময়ত সন্ত্ৰাসবাদীসকলে বিস্ফোৰণৰ সৃষ্টি কৰিছিল আৰু ভাৱনা শ্বহীদ হৈছিল৷ দুই-তিনি বছৰ পূৰ্বে ছট্টিশগড়ৰ বীজাপুৰত চিআৰপিএফৰ স্নিফাৰ কুকুৰ ‘ক্ৰেকাৰো’ আইইডি বিস্ফোৰণত শ্বহীদ হৈছিল৷ কিছুদিন পূৰ্বে আপোনালোকে বোধহয় টিভিত এক অতিশয় ভাবুক দৃশ্য প্ৰত্যক্ষ কৰিছে য’ত এক বীড আৰক্ষীয়ে সম্পূৰ্ণ সন্মানৰ সৈতে কুকুৰ এটাক অন্তিম বিদায় জনাইছে৷ ৰকীয়ে ৩০০ত কৈও অধিক গোচৰ নিষ্পত্তি কৰাত আৰক্ষীক সহায় কৰিছিল৷ দুৰ্যোগ প্ৰশমন আৰু উদ্ধাৰ অভিযানতো কুকুৰে বৃহৎ ভূমিকা পালন কৰে৷ ভাৰতত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী-এনডিআৰএফে এনে ডজন কুকুৰক বিশেষভাৱে প্ৰশিক্ষিত কৰিছে৷ ভূমিকম্প আহিলে, অট্টালিকা খহি পৰিলে, জীৱিত লোক কৰ’বাত সোমাই পৰিলে তেওঁলোকক সন্ধান কৰি উলিওৱাৰ বাবে কুকুৰে বিশেষ ভূমিকা পালন কৰে৷
বন্ধুসকল, মোক কোৱা হৈছে যে ভাৰতীয় ব্ৰীডৰ কুকুৰো ভাল হয়, অতিশয় সক্ষম হয়৷ ভাৰতীয় ব্ৰীডৰ মুধোল হাউণ্ড, হিমাচলী হাউণ্ড ভাল জাতৰ হয়৷ ৰাজাপালায়ম, কন্নী, চিপ্পীপৰাই আৰু কোম্বাইও উন্নত জাতৰ ভাৰতী কুকুৰ হয়৷ ইহঁতক পালন কৰাৰ খৰচো কম আৰু ভাৰতীয় পৰিবেশত মিলিও পৰে৷ এতিয়া আমাৰ সুৰক্ষা সংস্থাসমূহেও ভাৰতীয় জাতৰ কুকুৰবোৰক নিজৰ দলত সংগী কৰি লৈছে৷ বিগত কিছু সময়ৰ পৰা আৰ্মী, চিআইএছএফ, এনএছজিয়ে মুধোল হাউণ্ড কুকুৰক প্ৰশিক্ষণ প্ৰদান কৰি ডগ স্কোৱাডত চামিল কৰি লৈছে, চিআৰপিএফে কোম্বাই কুকুৰত নিজৰ দলত চামিল কৰিছে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদেও ভাৰতীয় জাতৰ কুকুৰৰ ওপৰত গৱেষণা কৰি আছে৷ লক্ষ্য এয়াই যে ভাৰতীয় জাতৰ কুকুৰক অধিক উন্নত কৰি তোলা হওক আৰু অধিক উপযোগী কৰি তোলা হওক৷ আপোনালোকে ইণ্টাৰনেটত এইসমূহৰ নাম বিচাৰি তথ্যসমূহ জানিব পাৰিব৷ ইহঁতবোৰ ইমানেই ধুনীয়া যে আপোনালোক আচৰিত হৈ পৰিব৷ যদি আপোনালোকে কুকুৰ পুহিবলৈ বিচাৰিছে তেন্তে ভাৰতীয় জাতৰ কুকুৰেই আনিব৷ আত্মনিৰ্ভ ভাৰত, যেতিয়া জন-মনৰ মন্ত্ৰলৈ পৰিৱৰ্তিত হয় তেতিয়া কোনো এটা ক্ষেত্ৰই পিছ পৰি নৰয়৷
মোৰ মৰমৰ দেশবাসীসকল, কিছু দিনৰ পিছত পাঁচ ছেপ্টেম্বৰত আমি শিক্ষক দিৱস পালন কৰিম৷ আমি সকলোৱে যেতিয়া নিজৰ জীৱনৰ সফলতাক নিজৰ জীৱন যাত্ৰাত প্ৰত্যক্ষ কৰো তেতিয়া কোনোবা নহয় কোনোবা এজন শিক্ষকৰ কথা মনলৈ আহেই৷ দ্ৰুত গতিত পৰিৱৰ্তিত হোৱা সময় আৰু ক’ৰোনাৰ সংকটৰ সময়ছোৱাত আমাৰ শিক্ষকসকলৰ সন্মুখতো সময়ৰ সৈতে পৰিৱৰ্তনৰ প্ৰত্যাহ্বান প্ৰস্তুত হৈছে৷ মই সুখী যে আমাৰ শিক্ষকসকলে এই প্ৰত্যাহ্বানক স্বীকাৰ কৰাই নহয় বৰঞ্চ ইয়াক অৱকাশলৈও পৰিৱৰ্তিত কৰিছে৷ অধ্যয়নত প্ৰযুক্তিৰ অধিক পৰিমাণৰ ব্যৱহাৰ কিদৰে হওক, নতুন প্ৰক্ৰিয়া কিদৰে আঁকোৱালি লোৱা হয়, শিক্ষাৰ্থীসকলক কিদৰে সহায় কৰা হয়, এয়া আমাৰ শিক্ষকসকলে সহজে আঁকোৱালি লৈছে আৰু নিজৰ শিক্ষাৰ্থীসকলকো শিকাইছে৷ আজি দেশৰ সকলো স্থানতে কিবা নহয় কিবা এটা উদ্ভাৱন হৈছে৷ শিক্ষক আৰু শিক্ষাৰ্থীয়ে লগ হৈ কিবা এটা নতুন কৰিছে৷ মোৰ বিশ্বাস যে যিদৰে দেশত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে এক বৃহৎ পৰিৱৰ্তন হৈছে, আমাৰ শিক্ষকসকলেও ইয়াৰ লাভ শিক্ষাৰ্থীসকললৈ বহন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
বন্ধুসকল, বিশেষকৈ মোৰ শিক্ষক বন্ধুসকল, ২০২২ বৰ্ষত আমাৰ দেশে স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষ পালন কৰিব৷ স্বতন্ত্ৰতাৰ পূৰ্বে অনেক বৰ্ষজুৰি আমাৰ দেশত স্বাধীনতাৰ যুঁজৰ এক দীঘলীয়া ইতিহাস বিদ্যমান আছে৷ এই সময়ছোৱাত দেশৰ এনেকুৱা এটা অংশ নাই য’ত স্বাধীনতাকামীসকলে নিজৰ প্ৰাণ হেৰুওৱা নাই, নিজৰ সৰ্বস্ব ত্যাগ কৰা নাই৷ আমাৰ আজিৰ প্ৰজন্ম, আমাৰ বিদ্যাৰ্থীসকলে স্বাধীনতাৰ এই যুঁজাৰুসকলৰ বিষয়ে পৰিচিত হোৱাটো অতিশয় আৱশ্যক৷ নিজৰ জিলাত, নিজৰ ঠাইত স্বাধীনতাৰ আন্দোলনৰ সময়ত কি হৈছিল, কোন শ্বহীদ হৈছিল, কোনে কিমান সময় কাৰাবাস খাটিবলগীয়া হৈছিল৷ এই কথাবোৰ আমাৰ বিদ্যাৰ্থীসকলে জানিবলৈ পালে তেওঁলোকৰ ব্যক্তিত্বতো ইয়াৰ প্ৰভাৱ পৰিব আৰু ইয়াৰ বাবে বহু কাম কৰিব পাৰি৷ ইয়াত শিক্ষকসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ’ব৷ যেনে, আপোনালোক যি জিলাত বাস কৰে সেই জিলাত স্বাধীনতা যুদ্ধৰ কিবা ঘটনা ঘটিছিল নেকি? ইয়াকে লৈ বিদ্যাৰ্থীসকলৰ দ্বাৰা গৱেষণা কৰোৱাব পাৰি৷ ইয়াক বিদ্যালয়ৰ হস্তলিখিত অংকৰ ৰূপত প্ৰস্তুত কৰিব পাৰি আৰু নিজৰ চহৰত স্বতন্ত্ৰতা আন্দোলনৰ সৈতে জড়িত আন স্থানসমূহলৈও শিক্ষাৰ্থীসকলক লৈ যাব পাৰি৷ কোনো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যদি এই সিদ্ধান্ত লয় যে স্বাধীনতাৰ ৭৫তম বৰ্ষত নিজৰ স্থানৰ স্বাধীনতাৰ ৭৫জন নায়কক লৈ কবিতা লিখিম, নাট্য কথা ৰচনা কৰিম৷ আপোনালোকৰ এই প্ৰয়াসৰ দ্বাৰা দেশৰ হাজাৰ-লাখজন অজানা নায়ক সন্মুখলৈ ওলাই আহিব যি দেশৰ বাবে জীয়াইছিল, দেশৰ বাবে মৃত্যু বৰণ কৰিছিল, সময়ৰ সৈতে তেওঁলোক বিস্মৃত হৈ পৰিল৷ এনে মহান ব্যক্তিসকলক যদি আমি সন্মুখলৈ লৈ আহো তেন্তে স্বাধীনতাৰ ৭৫তম বৰ্ষত তেওঁলোকৰ প্ৰতি এয়া হ’ব প্ৰকৃত শ্ৰদ্ধাঞ্জলি আৰু ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰাৰ পৰিপ্ৰেক্ষিতত মই আমাৰ শিক্ষক বন্ধুসকলৰ পৰা নিশ্চয়কৈ আগ্ৰহ কৰিম যে তেওঁলোকে ইয়াৰ বাবে এক পৰিবেশৰ সৃষ্টি কৰক আৰু সকলোৱে মিলি কাম আৰম্ভ কৰক৷
মোৰ প্ৰিয় দেশবাসীসকল, দেশ আজি যি বিকাশৰ পথত অগ্ৰসৰ হৈছে, ইয়াৰ সফলতা সুখদায়ক তেতিয়াহে হ’ব যেতিয়া প্ৰতিজন দেশবাসী ইয়াত চামিল হ’ব, এই যাত্ৰাৰ যাত্ৰী হ’ব, এই পথৰ পথিক হ’ব৷ সেয়ে প্ৰতিজন দেশবাসী যাতে সুস্থ হৈ থাকে আৰু একত্ৰিতভাৱে ক’ৰোনাক হৰুৱাব পাৰে সেয়া হ’ব অধিক গুৰুত্বপূৰ্ণ৷ ক’ৰোনা তেতিয়াহে হাৰিব যেতিয়া আপোনালোক সুৰক্ষিত হৈ থাকিব, যেতিয়া আপোনালোকে ‘দুই গজৰ দুৰত্ব’ পালন কৰিব, মাস্ক পৰিধান কৰিব৷ এই সংকল্প পূৰ্ণ ৰূপে পালন কৰিব৷ আপোনালোক সুৰক্ষিত হৈ থাকক, সুস্থ হৈ থাকক, সুখী হৈ থাকক৷ এই শুভকামনাৰ সৈতে আগন্তুক ‘মন কী বাত’ত পুনৰ লগ পাম৷
অশেষ ধন্যবাদ৷ নমস্কাৰ৷