নিউজ ডেস্কঃ ক’ৰোনা মহামাৰীৰ মাজতে আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। ক’ৰোনা পৰিস্থিতিৰ বাবে কেতবোৰ বিশেষ নীতি–নিয়মৰ মাজেৰে অনুষ্ঠিত হ’ল অধিৱেশন। এই অধিৱেশনত বহুকেইজন বিধায়কে অংশগ্ৰহণ কৰিব নোৱাৰিলে ৷ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে অধিকাংশ বিধায়ক–বিধায়িকা ক’ভিড–১৯ত আক্ৰান্ত হৈছে৷ লগতে সদনত মন্ত্ৰী-বিধায়কৰ উপস্থিতিক লৈও সৰ্বদলীয় বৈঠকে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷
৫০% বিধায়কহে উপস্থিত থাকিব পাৰিব এইবাৰ সদনত৷ মন্ত্ৰীসকলৰ ক্ষেত্ৰতো থাকিব বিশেষ বাধ্যবাধকতা৷ প্ৰশ্ন নাথাকিলে মন্ত্ৰীসকলে বিধানসভাৰ নিজ কাৰ্যালয় কক্ষত উপস্থিত থাকিব লাগিব।
উল্লেখযোগ্য যে শনিবাৰৰ পৰা বিধানসভা চৌহদ আৰু পুৰণি বিধায়ক আবাসত চলিছে মন্ত্ৰী-বিধায়কৰ ক’ভিড টেষ্ট৷ দুদিন ধৰি চলা মন্ত্ৰী-বিধায়কৰ ৰেপিড টেষ্টত পাঁচজন বিধায়কৰ পজিটিভ পোৱা গৈছে৷ পজিটিভ পোৱা গ’ল বিধায়ক বীৰভদ্ৰ হাগজেৰ, ঋতুপৰ্ণ বৰুৱা, নৰেন সোণোৱাল, আনোৱাৰ হুছেইন লস্কৰ আৰু নজৰুল হকৰ৷ এইসকল বিধায়কক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও ক’ভিডত আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈছে৷ ইয়াৰ লগতে ক’ভিড–১৯ত আক্ৰান্ত হৈছে বিধায়ক অজন্তা নেওগ, ভৱেন ভৰালী, গুণীন দাস, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমল সিং নাৰ্জাৰী, নৱনীতা সন্দিকৈ৷ এইসকল বিধায়ক–বিধায়িকাও এইবাৰ সদনত উপস্থিত থাকিব নোৱাৰিলে ।