নিউজ ডেস্কঃ অসমত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যাই লাখৰ ঘৰ অতিক্রম কৰাৰ পিছত অসমত ক’ৰোনা ৰোগীৰ লক্ষণ সলনি হোৱাৰ কথা প্রকাশ কৰিছে স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আনহাতে অসমত ক’ৰোনাত আক্রান্ত হোৱা জনপ্রতিনিধিৰ সংখ্যা ৩০জনলৈ বৃদ্ধি পাইছে৷ উল্লেখযোগ্য যে কাইলৈৰ পৰা অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশন আৰম্ভ হ’ব৷
অধিৱেশনৰ পূর্বে আজি সমগ্র বিধানসভা ছেনিটাইজড কৰাৰ উপৰি সকলো বিধায়কৰ ক’ভিড পৰীক্ষা কৰা হয়৷ অধিৱেশনৰ পূর্বে বিধানসভাৰ সকলো কর্মচাৰী আৰু বিধানসভাৰ অধিৱেশনৰ বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকসকলৰো ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ আজি বিধানসভাত কৰা পৰীক্ষাত ৪জন বিধায়ক ক’ৰোনাত আক্রান্ত হোৱাৰ কথা ধৰা পৰে৷
লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা, নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল, হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আৰু ধুবুৰীৰ বিধায়ক নজৰুল হকৰ দেহত কভিড ধৰা পৰে৷ তেওঁলোক চাৰিওকে চিকিৎসালয়লৈ নিয়া হৈছে৷ লক্ষণীয় যে এই চাৰিজনকে ধৰি ৰাজ্যত এইপর্যন্ত মুঠ ৩০জন মন্ত্রী, বিধায়ক, সাংসদ তথা জনপ্রতিনিধি কৰ’নাত আক্রান্ত হৈছে৷
উল্লেখযোগ্য যে ইতিমধ্যে ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা ক্রমাৎ সুস্থিৰ হোৱা বুলি আজি প্রকাশ কৰে স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ জি এম চি এইচৰ ক’ভিড ৱার্ডত পি পি ই কীট পৰিধান কৰি নিজে প্রৱেশ কৰি স্বাস্থ্য মন্ত্রীজনে প্রাক্তন মুখ্যমন্ত্রীৰ লগতে চিকিৎসাধীন সকলো বিধায়কৰ স্বাস্থ্যৰ বুজ লয়৷
ইফালে আজি দেশৰ ভিতৰতে প্রথমখন শিশু ক’ভিড হস্পিটেলৰ শুভাৰম্ভ কৰে এম এম চি এইচত৷ বাগ্রী শিশু কমপ্লেক্সত নতুনকৈ শিশু ক’ভিড হস্পিটেল নির্মাণ কৰা হৈছিল৷ চিকিৎসালয়খনত ক’ৰোনাত আক্রান্ত শিশুসকলক চিকিৎসা কৰা হ’ব৷ ৮০খন বিছনাযুক্ত হস্পিটেলখনত শিশুৰ মনোযোগ আকর্ষণ কৰিব পৰা আৰু মনোৰঞ্জনৰ সকলো ব্যৱস্থাসহ শিশুসকলে বিচৰা পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা বুলিও তেওঁ সদৰী কৰে৷
কাইলৈৰ পৰা চিকিৎসালয়খনত ক’ৰোনাত আক্রান্ত শিশুক চিকিৎসা আৰম্ভ কৰা বুলি তেওঁ সদৰী কৰে৷ আনহাতে স্বাস্থ্য মন্ত্রীজনে আজি অসমত কৰ’না ৰোগীৰ লক্ষণ সলনি হোৱা বুলি সদৰী কৰি ক্রমাৎ ৰাজ্যত কৰ’নাত আক্রান্ত লোকৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হৈ আহিবলৈ আৰম্ভ কৰা বুলি সদৰী কৰে৷ তেওঁ কয় যে ৰাজ্যত ক্রমাৎ আই চি ইউ আৰু অক্সিজেনৰ প্রয়োজনীয়তা বৃদ্ধি পাই আহিছে৷
সেয়ে চৰকাৰ উদ্বিগ্ন হৈ পৰা বুলি সদৰী কৰি আই চি ইউ আৰু অক্সিজেনৰ ব্যৱস্থা থকা বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ কামত মনোনিৱেশ কৰা বুলি সদৰী কৰে৷ তেওঁ কয় যে কালাপাহাৰত থকা ক’ভিড হস্পিটেল আৰু আয়ুর্বেদিক মহাবিদ্যালয়ত থকা ক’ভিড হস্পিটেল শেহতীয়াকৈ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে৷
এই চিকিৎসালয় দুখন ১০ দিনৰ ভিতৰত আই চি ইউ আৰু অক্সিজেনৰ ব্যৱস্থা কৰাৰ পাছত পুনৰ মুকলি কৰা হ’ব৷ ৰাজ্যৰ আন আন চিকিৎসা মহাবিদ্যালয়সমূহতো এই দুয়োটা সুবিধা বৃদ্ধিৰ বাবে চেষ্টা কৰা বুলিও তেওঁ সদৰী কৰে৷
লক্ষণীয় যে তেওঁ অসমত লকডাউন খুলি দিয়াৰ পাছত মাস্ক আৰু সামাজিক দূৰত্ব মানি নচলাৰ কথা উল্লেখ কৰি এই দুয়োটা ক’ভিড প্রট’কল নামানিলে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলি সকীয়াই দিয়ে৷ ৰাজ্যত ক’ৰোনাত আক্রান্ত ৰোগীৰ মৃত্যুৰ হাৰ ক্রমাৎ বৃদ্ধি পোৱা কার্যতো উদ্বিগ্নতা প্রকাশ কৰে৷ ৰাজ্যত এইপর্যন্ত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ১,০৩,৭৯৪জনলৈ বৃদ্ধি পাইছে৷ এইপর্যন্ত ৮২,৫১০জন লোক সুস্থ হৈ নিজ নিজ ঘৰলৈ ঘূৰি গৈছে৷
সম্প্রতি ২০,৯৯২জন লোক চিকিৎসাধীন হৈ আছে৷ আনহাতে ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ত্রিশতকৰ ঘৰ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ আজি ৰাজ্যত ৭জন ক’ৰোনা ৰোগী মৃত্যুমুখত পৰে৷
গোলাঘাটৰ বিদ্যাদীপ ভূঞা (৪৮), কিৰণ বৰা (৫০), কামৰূপ মহানগৰ জিলাৰ নিপজ্যোতি বৰুৱা (৪৮), মঃ চোহৰাবুদ্দিন আহমেদ (৭০), চিৰাঙৰ ৰমিলা সূত্রধৰ (৪৫), শচীন চন্দ্র ব্রহ্ম (৫৮) আৰু কাছাৰৰ ভাস্কৰ বিজয় গুপ্তা (৫০)ৰ মৃত্যু হয়৷ ইয়াকে লৈ ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৯৬জনলৈ বৃদ্ধি পায়৷