নিউজ ডেস্কঃ অহা শনিবাৰৰ পৰা নাথাকিব সাপ্তাহিক লকডাউন।সাপ্তাহিক লকডাউনৰ লগতে প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইন। শনিবাৰে আৰু দেওবাৰে পূৰ্বে থকা সাপ্তাহিক লকডাউনো এতিয়াৰ পৰা নাথাকে।
টুইটাৰ যোগে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনালে এই কথা।৩০ ছেপ্তেম্বৰলৈকে কন্টেউনমেন্ট জ’নৰ বাহিৰত কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে প্ৰকাশ কৰিছে লকডাউনৰ কিছু নতুন নীতি নিৰ্দেশনা।
শিক্ষানুষ্ঠান আৰু কোচিং চেন্টাৰৰ দৈনিক শিক্ষাদান ৩০ছেপ্তেম্বৰলৈকে বন্ধ থাকিব। অৱশ্যে অব্যাহত থাকিব অনলাইন আৰু দূৰৱৰ্তী শিক্ষা।অনলাইন শিক্ষাদানৰ বাবে শিক্ষানুষ্ঠানত ৫০শতাংশ শিক্ষক আৰু আন আন কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।
ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰতো ৭ ছেপ্তেম্বৰৰ পৰা প্ৰদান কৰা হৈছে চলাচলৰ অনুমতি।অৱশ্যে ৰাজহুৱা পৰিবহণত ক’ভিড প্ৰট’কল মানি চলাটো বাধ্যতামূলক।
Weekend lockdown and night curfew have been lifted , however, please adhere to all the COVID-19 protocols to keep yourself and others around you safe.@CMOfficeAssam @himantabiswa @assampolice
— Kumar Sanjay Krishna (@KrSanjayKrishna) September 4, 2020