হেডলাইন৮ বিশেষঃ বিগত ১৫ বছৰে ধৰি মৰিয়নী সমষ্টিৰ অপ্ৰতিদ্বন্ধী নেতা হিচাপে বিতৰ্কিত কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক হেডলাইন৮ৰ তৰফৰ সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত তেওঁৰ মনৰ কথা জানিবলৈ প্ৰয়াস কৰা হৈছিল৷
বিধানসভাৰ অধিৱেশনসমূহত প্ৰায়েই বিতৰ্কিত মন্তব্য কৰি ক’ৰ্ট মাৰ্শ্বালৰ সন্মুখীন হ’বলগীয়া বিধায়ক কুৰ্মীয়ে অসমৰ জনসাধাৰণ স্বাৰ্থত মাত মাতি সদনৰ পৰা বাহিৰ হ’বলগীয়া হ’লেও এই কাম তেওঁ সদায় কৰি যাব বুলি মন্তব্য কৰে৷
২০০৫ চনত ধোদৰ আলি নিৰ্মাণৰ বাবে অনশনত বহি ৰূপজ্যোতি কুৰ্মীয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল বুলি সাক্ষাৎকাৰত জানিবলৈ দিয়ে৷ তেওঁ কয় যে যদি তেওঁ নিজৰ আদৰ্শ পৰিৱৰ্তন কৰিলেহেঁতেন, বিজেপিত যোগদান কৰিলেহেঁতেন, তেন্তে বোধহয় মন্ত্ৰীত্বও লাভ কৰিলেহেঁতেন৷ স্থান এৰিলে মানো হেৰায়- যি কংগ্ৰেছে তেওঁক আজিৰ এই পৰিচয় প্ৰদান কৰিছে, তেনেস্থলত যদি তেওঁ এই মুহূৰ্তত কংগ্ৰেছ পৰিত্যাগ কৰে তেন্তে দলৰ প্ৰতি বিশ্বাসঘাতকটা কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে৷ কংগ্ৰেছ এৰি বিজেপিলৈ গমন কৰা নেতাসকলৰ নাম উল্লেখ নকৰাকৈ কুৰ্মীয়ে কৌশলেৰে তেওঁলোকক নিজৰ ভাষাত ‘চৰিত্ৰহীন’, ‘ধোখেবাজ’ আৰু ‘গড্ডাৰ’ বুলি অভিহিত কৰে৷
অকল এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা স্থাপনৰ কথা পোনছাটেই নস্যাৎ কৰি মহাযোঁটবন্ধনৰ ক্ষেত্ৰত অৱশ্যে এআইইউডিএফৰ সৈতে মিত্ৰতা স্থাপনত কোনো সমস্যা নাই বুলি কুৰ্মীয়ে উল্লেখ কৰে৷
কেৱল কংগ্ৰেছৰ সদস্যৰ সংখ্যা কম থকা বাবেই ৰাজ্যসভালৈ অজিত কুমাৰ ভূঞাক প্ৰক্ষেপ কৰা হৈছিল বুলি ৰূপজ্যোতি কুৰ্মীয়ে সাক্ষাৎকাৰত জানিবলৈ দিয়ে৷
অসম চৰকাৰে শেহতীয়াকৈ এক বৃহৎ পৰিমাণৰ ঋণ ল’বলৈ যোঁজা চলাই থকা সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য জানিবলৈ বিচৰাত তেওঁ কেগৰ এক প্ৰতিবেদন হেডলাইন৮ৰ দৰ্শকসকলৰ বাবে দাঙি ধৰি অসম চৰকাৰৰ ব্যৰ্থতা উনুকিয়াই দিয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এজন গাঁওবুঢ়া বুলি অভিহিত কৰি ৰাজ্যৰ বিয়াগোম বিভাগসমূহ হিমন্ত বিশ্ব শৰ্মাই হাত কৰি লৈছে বুলি তেওঁ অভিযোগ কৰে৷ ২০২১ চনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ১০০ জন বিধায়কক লৈ ৰাজ্যপালৰ ওচৰলৈ যাব বুলি মন্ত্ৰীগৰাকীয়ে যি ঘোষণা কৰিছে তাৰ জৰিয়তে খোদ বিজেপি দলটোৱেই শ’লঠেকত পৰিব বুলি কুৰ্মীয়ে কয়৷
বিজেপিত উলম্ব বিভাজনৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰি বিধায়ক কুৰ্মীয়ে মন্ত্ৰী শৰ্মাই গাৰ জোৰেৰে এই সকলোখিনি কাম কৰি আছে বুলি সাক্ষাৎকাৰত উল্লেখ কৰে৷
ক’ৰোনা মহামাৰী দৰাচলতে বিজেপিৰ পুঁজি সংগ্ৰহৰ এক আহিলা বুলি অভিযোগ কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা মণিপুৰলৈ গৈ বিধায়ক কিনা-বেচা কৰি পুনৰ দিল্লীলৈ গৈ অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ’ল৷ তেওঁক কিয় কোৱাৰেণ্টিন কৰা নহ’ল৷ দ্বিতীয়তে আৰোগ্য সেতুৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰা খোদ অমিতাভ বচ্চনেই কিয় ক’ভিডত আক্ৰান্ত হ’বলগীয়া হ’ল? তেওঁৰ ম’বাইলত আৰোগ্য সেতুৱে আগজাননী নিদিলে নেকি? তৃতীয়তে বৰ্তমানে ক’ভিডত আক্ৰান্ত হ’লে ৰোগীয়ে নিজৰ খৰচ নিজে বহন যদি কৰিব লাগে তেন্তে চৰকাৰে ইমানবোৰ টকা ক’ত ব্যয় কৰিলে?
সাক্ষাৎকাৰৰ শেষত জুবিন গাৰ্গৰ সন্দৰ্ভত তেওঁক এজন বাঁও চিন্তাৰ মানুহ বুলি উল্লেখ কৰি কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ হ’বলৈ আগবঢ়া কাৰ্যক ৰূপজ্যোতি কুৰ্মীয়ে শিল্পীজনে বিজেপিৰ টোপ গিলিছে বুলি মন্তব্য কৰে৷ অৱশ্যে জুবিন গাৰ্গে পিছলৈ কি কৰে সেই বিষয়ে তেওঁ নাজানে বুলিও উল্লেখ কৰে৷
সাক্ষাৎকাৰ যুগুতালেঃ ৰংমন দাস, ব্যুৰ’ চীফ, হেডলাইন৮