হেডলাইন৮ বিশেষঃ ‘এই চুক্তিয়ে এটা সমস্যাৰ সমাপ্তি ঘটোৱা নাই, বৰঞ্চ ই নতুন ভৱিষ্যতৰ শুভাৰম্ভহে কৰিছে৷’
পাঁচ বছৰ পূৰ্বে ভাৰত চৰকাৰ আৰু নেচনেলিষ্ট ছ’চিয়েলিষ্ট কাউন্সিল অব্ নাগালেণ্ড (ইছাক-মুইভা)ৰ মাজত নগা সাৰ্বভৌমত্ব বিষয়ক এক ঐতিহাসিক পৰিকাঠামো চুক্তি স্বাক্ষৰিত হৈছিল৷
৩ আগষ্ট ২০১৫ তাৰিখে চৰকাৰী মধ্যস্থতাত আৰ এন ৰবি আৰু এনএছচিএনৰ অধ্যক্ষ ইছাক মুইভা, সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হয়৷
কিন্তু সেই ঐতিহাসিক চুক্তিৰ পিছত নগা শান্তি প্ৰক্ৰিয়া যেন কিছু স্থবিৰ হৈ পৰিল৷ চৰকাৰৰ অসমৰ্থতা আৰু এনএছচিএনৰ কঠোৰতা এই প্ৰক্ৰিয়াত সাময়িক বিৰতি পেলালে৷
এনএছচিএনে (আইএম) পৃথক পতাকা, পৃথক সংবিধান আৰু অৰুণাচল প্ৰদেশ, অসম আৰু মণিপুৰৰ কিছু অংশ সামৰি বৃহত্তম নাগালিম গঠনত দাবীত নিশ্চল হৈ থাকিল৷ আনহাতে ভাৰত চৰকাৰৰ মতে পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী অমূলক বুলি কোৱা হ’ল৷ কিয়নো ইয়াৰ জৰিয়তে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব বিনষ্ট হ’ব৷
আমোদজনকভাৱে, কেন্দ্ৰই ৩১ অক্টোবৰ ২০১৯ তাৰিখে নগা শান্তি আলোচনাৰ দিন ধাৰ্য কৰিছিল যদিও দুয়োপক্ষৰ মাজত মতানৈক্য হোৱা বাবে এই সময়সীমা ছেপ্টেম্বৰ ২০২০ লৈ সম্প্ৰসাৰিত কৰা হ’ল৷৷
ছেপ্টেম্বৰত দশক পুৰণি নগা শান্তি আলোচনা সমাধান হোৱাৰ আশা প্ৰকাশ কৰা হৈছে আৰু সকলো অংশগ্ৰহণকাৰীয়ে ইয়াত উপস্থিত থাকিব বুলিও আশা প্ৰকাশ কৰা হৈছে৷
চুক্তিখনৰ চূড়ান্তকৰণৰ সময়ত এনএছচিএন-আইএম আৰু মধ্যস্থতাকাৰী আৰ এন ৰবিৰ সম্পৰ্ক তিতা-কেঁহা হৈছে৷ আৰ এন ৰবি ৰাজ্যখনৰ ৰাজ্যপাল হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ জুন মাহত এনএছচিএন (আইএম)ক ‘‘সশস্ত্ৰ দল’’ এটাই ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাইছে বুলিও মন্তব্য কৰিছে৷ কটা ঘাঁত নিমখ দি তেওঁ সকলো চৰকাৰী কৰ্মচাৰীক এইবুলিও নিৰ্দেশ দিছে যে তেওঁলোকে নিজৰ কোন কোন সম্পৰ্কীয় লোক উগ্ৰপন্থীবাহিনীটোত আছে, তেওঁলোকৰ নাম যাতে প্ৰকাশ কৰে৷
এই ক্ষেত্ৰত এনএছচিএনে (আইএম) মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে আলোচনাৰ পৰিবেশ নষ্ট কৰিছে বুলি অভিযোগ দিছে৷ সেয়ে প্ৰধানমন্ত্ৰীয়ে ইয়াত হস্তক্ষেপ কৰি ইণ্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক অৰৱিন্দ কুমাৰ আৰু বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক এই আলোচনা আগবঢ়াই লৈ যাবলৈ নিৰ্দেশ দিছে৷
এনএছচিএনৰ (আইএম) এই সিদ্ধান্তই চুবুৰীয়া তিনিখনৰ ৰাজ্যৰ ভৌগোলিক অখণ্ডতা বিঘ্নিত কৰাৰ পৰিপ্ৰেক্ষিতত এই শান্তি আলোচনাত এনএছচিএনক (আইএম) অংশীদাৰ কৰা নহ’ব আৰু এই আলোচনা ভাৰত চৰকাৰ আৰু ৭ অন্যান্য উগ্ৰপন্থী দলৰ এটা গোট নগা নেচনেল পলিটিকেল গ্ৰুপৰ মাজত সম্পন্ন কৰা হ’ব৷
কিন্তু এতিয়াও এই বিষয়ে অজ্ঞাত যে যদি চৰকাৰে ৰাজ্যৰ শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ এই সময়সীমা সম্প্ৰসাৰণ কৰিব নে আৰু এনএছচিএনৰ অবিহনে বা সৈতে শান্তি আলোচনা আগবঢ়াই নিব৷
তথাপিও এই সমগ্ৰ প্ৰক্ৰিয়াটোক ‘ঐতিহাসিক’ বুলি অভিহিত কৰিব পাৰি কিয়নো চৰকাৰ আৰু উগ্ৰপন্থী গোটসমূহে শান্তি আলোচনাৰ প্ৰতি সঁহাৰি জনাইছে আৰু দশক পুৰণি সমস্যাটোৰ সমাধানৰ দিশত অগ্ৰসৰ হৈছে৷